ETV Bharat Assam

অসম

assam

ETV Bharat / state

ৰে'লৱেৰ পদত নিযুক্তি দিয়া হোৱা নাই বহিঃৰাজ্যৰ প্ৰাৰ্থীক:ৰেল বিভাগ - উত্তৰ-পূৱ সীমান্ত ৰে'লৱে

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, ৰে'ল সুৰক্ষা বাহিনীৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ১২০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই পদৰ বাবে ২০১৮চনতেই বিজ্ঞাপন প্ৰকাশ কৰিছিল ৰে'ল কৰ্তৃপক্ষই ৷ যি পদৰ বাচনি প্ৰক্ৰিয়া ইতিমধ্যেই সম্পন্ন হৈ গৈছে ৷ ইয়াৰ ভিতৰত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত কেৱল এটা পদৰ বাবেহে দিয়া হৈছিল বিজ্ঞাপন।

No External State's candidate has been appointed to the post of Railway
ৰে'লৱেৰ পদত নিযুক্তি দিয়া হোৱা নাই বহিঃৰাজ্যৰ প্ৰাৰ্থীক:ৰেল বিভাগ
author img

By

Published : Sep 24, 2020, 8:38 PM IST

গুৱাহাটী,24 ছেপ্তেম্বৰঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ নিযুক্তি বৰ্ডৰ দ্বাৰা পুনৰ বঞ্চনাৰ বলি অসমৰ থলুৱা যুৱক-যুৱতী। তদুপৰি ১৪৭টাকৈ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে ৷ বিভিন্ন সংবাদ মাধ্যমত এইদৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷

ৰে'লৱেৰ পদত নিযুক্তি দিয়া হোৱা নাই বহিঃৰাজ্যৰ প্ৰাৰ্থীক:ৰেল বিভাগ

জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, ৰে'ল সুৰক্ষা বাহিনীৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ১২০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই পদৰ বাবে ২০১৮চনতেই বিজ্ঞাপন প্ৰকাশ কৰিছিল ৰে'ল কৰ্তৃপক্ষই ৷ যি পদৰ বাচনি প্ৰক্ৰিয়া ইতিমধ্যেই সম্পন্ন হৈ গৈছে ৷ ইয়াৰ ভিতৰত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত কেৱল এটা পদৰ বাবেহে দিয়া হৈছিল বিজ্ঞাপন। বৰ্তমান সেই পদত অসমৰ বাহিৰৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। কিন্তু ১৪৭ টাকৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া খবৰটো ভুৱা আখ্যা দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details