গুৱাহাটী, 20 মাৰ্চ:ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নাই । বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ উল্লেখ্য যে বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী সোমবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হয়। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী (Draft of the Constituency Delimitation of Assam) ৷
বাজেট অধিবেশনৰ সপ্তম দিনা কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰশ্ন কৰে | এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নাই । তেওঁ কয় যে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ এখন তথাকথিত খচৰা বাতৰি কাকতত মাজে মাজে প্ৰকাশ হৈ থাকে । এই খচৰাৰ কোনো আইনগত ভিত্তি নাই ৷ বিধানসভাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে এই খচৰাখন কোনো বিধান সন্মত নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই খচৰাৰ লগত নিৰ্বাচনী আয়োগ জড়িত নহয় বুলি মন্তব্য কৰে তেওঁ (Assam cm on draft of the Constituency Delimitation) ৷
লগতে তেওঁ কয় যে, নিৰ্বাচনী আয়োগে শূণ্যৰ পৰা নতুনকৈ সমস্ত নিৰ্বাচনী সমষ্টি পুনৰ গঠনৰ ব্যৱস্থা কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগ অসমলৈ আহিব ৷ সেয়েহে সন্দেহৰ মাজত থাকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্বন্ধীয় চিন্তাৰ জৰিয়তে সমষ্টিৰ মানুহক ন্যায়সংগত অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷