অসম

assam

ETV Bharat / state

AFSPA বাতিলক লৈ নিৰুদ্বিগ্ন অসমৰ জনপ্ৰতিনিধি : বিধানসভাৰ মজিয়াত মৌন বিৰোধী

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed forces special powers act)ৰ বাতিল কৰণ সন্দৰ্ভত নিৰুদ্বিগ্নতা প্ৰকাশ কৰিছে অসমৰ শাসক-বিৰোধী উভয় পক্ষই । নাগালেণ্ড আৰু মেঘালয় চৰকাৰৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত অতি‌ সবল স্থিতি লোৱাৰ সময়তো অসমৰ জনপ্ৰতিনিধিৰ নিৰুদ্বিগ্নতাই সচেতন জনতাক সচকিত কৰি তুলিছে ।

no-discussion-on-afspa-withdrawal-in-assam-assembly
আফছা বাতিলক লৈ নিৰুদ্বিগ্ন অসমৰ জনপ্ৰতিনিধি : বিধানসভাৰ মজিয়াত মৌন বিৰোধী

By

Published : Dec 27, 2021, 8:25 PM IST

গুৱাহাটী ২৭ ডিচেম্বৰ : উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনত ক'লা আইন হিচাবে অভিহিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed forces special powers act)ৰ বাতিল কৰণ সন্দৰ্ভত নিৰুদ্বিগ্নতা প্ৰকাশ কৰিছে অসমৰ শাসক বিৰোধী উভয় পক্ষই । এই আইন প্ৰত্যাহাৰৰ দাবীত নগালেণ্ড চৰকাৰে লোৱা কঠোৰ স্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিষয়টো বিবেচনা কৰিবলৈ এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰি দিলে ।

কিন্তু অসম বিধানসভাৰ শীতকালীন অধিবেশনত এই‌ আইন‌ বাতিল সন্দৰ্ভত কোনো আলোচনাই নহ'ল(No discussion on AFSPA withdrawal in assembly) । এই সন্দৰ্ভত কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাক প্ৰশ্ন কৰা হৈছিল যদিও তেওঁ বিষয়টো কৌশলেৰে এৰাই চলে । আনহাতে, অসমৰ জনপ্ৰতিনিধিৰ এই মানসিকতাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে নৰ্থ ইষ্ট ষ্টুডেন্ট এছ'ছিয়েছনৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই (NESO adviser Samujjal kumar Bhattacharjya on AFSPA) ।

উত্তৰ-পূবৰ মাটিত আইন শৃংখলা নিয়ন্ত্ৰণৰ নামত দশকৰ পিছত দশক ধৰি প্ৰযোজ্য হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ(Repeal of AFSPA fro North East) ক্ষেত্ৰত এষাৰ মাত মতাৰ বাবেও আগ্ৰহী নহয় অসমৰ শাসক বিৰোধী উভয় পক্ষৰ ৰাজনীতিক । শেহতীয়াকৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত কোনো এজন জনপ্ৰতিনিধিয়ে এই আইনৰ বাতিল সন্দৰ্ভত প্ৰশ্ন এটা উত্থাপন কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে ।

ৰাজ্যখনৰ জনসাধাৰণৰ মানৱাধিকাৰ সুৰক্ষিত কৰাৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হৈ থকা এই বিষয়টোত নাগালেণ্ড আৰু মেঘালয় চৰকাৰৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অতি‌ সবল স্থিতি লোৱাৰ সময়তো অসমৰ জনপ্ৰতিনিধিৰ নিৰুদ্বিগ্নতাই সচেতন জনতাক সচকিত কৰি তুলিছে । উল্লেখযোগ্য যে, যোৱা ৪ আৰু ৫ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাত সংঘটিত সেনা আৰু সাধাৰণ জনতাৰ মাজৰ সংঘাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা‌ আৰু কেইবাজনো নাগৰিকে সেনাৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাৰ পিছতে ৰাজ্যখনত AFSPA প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ তীব্ৰ হৈ উঠে ।

কেৱল সেয়ে নহয়, যোৱা‌ ২০ ডিচেম্বৰত নগালেণ্ড বিধানসভাৰ অধিৱেশনত শাসক বিৰোধী একলগ হৈ AFSPA ৰ দৰে ক'লা আইন প্ৰত্যাহাৰ কৰাৰ দাবী জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে । এই প্ৰস্তাৱক সমৰ্থন জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাইয়ো সামাজিক মাধ্যম যোগে দাবী জনাই কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই আইন প্ৰত্যাহাৰ হ'ব লাগে ।

লক্ষণীয়ভাৱে, বিজেপিৰ সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিও উত্তৰ-পূৱৰ দুখন ৰাজ্যৰ দুই মুখ্যমন্ত্ৰী য়ে AFSPA প্ৰত্যাহাৰৰ বাবে সৰৱ হৈ উঠাৰ পিছতে বিষয়টোক লৈ দেওবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চ স্তৰীয় কমিটি গঠন কৰি দিবলৈ বাধ্য হ'ল । যোৱা ২৩ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এক বৈঠকত মিলিত হয় আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ দাবী অনুসাৰে এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰাৰ সিদ্ধান্ত লয় ।

এই সিদ্ধান্ত অনুসৰি দেওবাৰে কেন্দ্ৰীয় চৰকাৰে মহাপঞ্জীয়ক তথা কেন্দ্ৰীয় লোকপিয়ল আয়ুক্ত বিবেক যোশীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই কমিটিত সদস্য হিচাবে আছে নগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যসচিৱ । মনকৰিবলগীয়া যে, এনেধৰণৰ ৰাজনৈতিক হেঁচাৰ বাবেই ২০১৮ চনত মেঘালয়ৰ পৰা আৰু ২০১৯ চনত অৰুণাচল প্ৰদেশৰ গৰিষ্ঠসংখ্যক আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই আইন প্ৰত্যাহাৰ কৰা হৈছিল ।

কিন্তু এই আইনখন প্ৰত্যাহাৰক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে(Union home minister Amit Shah) তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তো অসমৰ জনপ্ৰতিনিধিৰ নিৰুদ্বিগ্নতাই সচেতন জনতাক আচৰিত কৰিছে । এই আইনৰ প্ৰত্যাহাৰ দাবী সবল হৈ উঠাৰ সময়তে অনুষ্ঠিত বিধানসভাৰ চাৰিদিনীয়া শীতকালীন অধিবেশনত বিৰোধীয়ে নগালেণ্ড বিধানসভাৰ দৰে প্ৰস্তাৱ লোৱাৰ দাবী উত্থাপন কৰিব পাৰিলে হেঁতেন ।

এই পদক্ষেপে আইনখনৰ প্ৰত্যাহাৰ ৰ পথ অধিক সূচল কৰাৰ বাবে পৰিবেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছিল। কিন্তু নেফিঅ’ ৰিঅ'ৰ দৰে জনগোষ্ঠীয় নেতাই দেখুওৱা আদৰ্শ অসমৰ ৰাজনীতিকে অনুসৰন কৰিব নোৱাৰাতো দুৰ্ভাগ্য জনক বুলি সচেতন মহলত চৰ্চিত হৈছে ।

লগতে পঢ়ক :Attack on AASU workers: ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

...view details