অসম

assam

ETV Bharat / state

খণ্ড উন্নয়ন বিষয়া অবিহনে চলিছে ৰাজ্যৰ ৭০ টা খণ্ড উন্নয়ন কাৰ্যালয় - Crisis of block development officers

পূর্ণ পর্যায়ৰ বিডিঅ'ৰ অভাৱত স্থবিৰ হৈ পৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়নৰ কাম-কাজ (Crisis of block development officers) । ২১৯ টা ব্লকৰ ভিতৰত ৭০ টাতেই কার্যালয়ৰ মুৰব্বীজনৰ অভাৱত স্থবিৰ হৈ পৰিছে উন্নয়নমূলক কাম-কাজ। সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ। একোজন এচিএছ বিষয়াই দায়িত্ব ল'ব লগা হৈছে দুটাকৈ খণ্ড উন্নয়ন কার্যালয় তথা ব্লকৰ ।

bdo is not in 70 block development offices in the state
খণ্ড উন্নয়ন বিষয়া অবিহনে চলিছে ৰাজ্যৰ ৭০ টা খণ্ড উন্নয়ন কাৰ্যালয়

By

Published : Mar 20, 2022, 4:24 PM IST

গুৱাহাটী,২০ মার্চ: পঞ্চায়ত ব্যৱস্থাটোক অধিক গতিশীলতা প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বাস্তৱত সুফল পৰিলক্ষিত হোৱা নাই । লক্ষণীয় বিষয় যে ৰাজ্যৰ ৭০ টা খণ্ড উন্নয়ন কার্যালয়ত নাই খণ্ড উন্নয়ন বিষয়া অৰ্থাৎ বিডিঅ' (No development officer in 70 blocks of Assam) । গ্রামোন্নয়নৰ অতিকৈ প্রয়োজনীয় আৰু ৰাইজৰ সৈতে প্রত্যক্ষভাৱে জড়িত অতি গুৰুত্বপূর্ণ পদটোৱেই হৈছে খণ্ড উন্নয়ন বিষয়াৰ পদ ।

ইফালে যোগ্যতাৰ ভিত্তিত সম্প্রসাৰণ বিষয়াৰ পৰা বি ডি অ'লৈ পদোন্নতিক কেন্দ্র কৰি দীর্ঘদিন ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত অব্যাহত আছে খামখেয়ালি ।

কিন্তু পূর্ণ পর্যায়ৰ বি ডি অ'ৰ অভাৱত বিভিন্ন স্থানত স্থবিৰ হৈ পৰিছে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ কাম-কাজ । ৰাজ্যৰ মুঠ ২১৯ টা ব্লকৰ ভিতৰত ৭০টাতেই কার্যালয়ৰ মুৰব্বীজনৰ অভাৱত উন্নয়নমূলক কাম-কাজ স্থবিৰ হোৱাৰ উপৰি সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ । একোজন এ চি এছ বিষয়াই দুটাকৈ খণ্ড উন্নয়ন কার্যালয় তথা ব্লকৰ দায়িত্ব চম্ভালিব লগীয়া হৈছে ।

উল্লেখ যে এ পি এছ চি কেলেংকাৰিত সাঙোৰ খাই পৰা বক্র পথেৰে চাকৰি লোৱা বহু ৰাজপত্ৰিত বিষয়া এতিয়া ৰঙাঘৰৰ আলহী নাইবা চাকৰিৰ পৰা অপসাৰিত

তদুপৰি একাংশ ৰাজহ চক্ৰ বিষয়াই তত্ত্বাবধায়ক বি ডি অ' হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিবলগীয়া হৈছে । এটা খণ্ড উন্নয়ন কার্যালয়ৰ অধীনত ১০-১২খন গাঁও পঞ্চায়ত আছে । তেনেস্থলত এজন ব্যক্তিয়ে দুটাকৈ ব্লকৰ বি ডি অ'ৰ দায়িত্ব চম্ভলাতো কোনো কাৰণতেই সহজসাধ্য নহয় । ইফালে ৰাজহ চক্ৰ বিষয়াজনৰো থাকে প্রশাসনীয় বিভিন্ন দায়িত্ব ।

একোজন এ চি এছ বিষয়াই দায়িত্ব ল'ব লগা হৈছে দুটাকৈ খণ্ড উন্নয়ন কার্যালয় তথা ব্লকৰ

জানিব পৰা মতে বিগত দুবছৰ ধৰি হোৱা নাই বি ডি অ'ৰ নিযুক্তি । উল্লেখ যে এ পি এছ চি কেলেংকাৰিত সাঙোৰ খাই পৰা বক্র পথেৰে চাকৰি লোৱা বহু ৰাজপত্ৰিত বিষয়া এতিয়া ৰঙাঘৰৰ আলহী নাইবা চাকৰিৰ পৰা অপসাৰিত । ইয়াৰ মাজত আছে কৰ্মৰত অৱস্থাত গ্রেপ্তাৰ হোৱা বি ডি অ' ।

জোৰা টাপলি মাৰি উক্ত ৭০টা খণ্ড উন্নয়ন কার্যালয় চলাই থকা হৈছে যদিও ভুক্তভোগী হৈছে গ্রামাঞ্চলৰ ৰাইজ

ইফালে যোগ্যতাৰ ভিত্তিত সম্প্রসাৰণ বিষয়াৰ পৰা বি ডি অ'লৈ পদোন্নতিক কেন্দ্র কৰি দীর্ঘদিন ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত অব্যাহত আছে খামখেয়ালি । অসামৰিক সেৱাৰ পৰা ৪০ শতাংশ বি ডি অ' পোনপটীয়াকৈ নিযুক্তি দিয়া হয় যদিও ৬০ শতাংশ পদ পূৰণ কৰা হয় সম্প্রসাৰণ বিষয়াক পদোন্নতিৰ জৰিয়তে । কিন্তু জ্যেষ্ঠতা আৰু অভিজ্ঞতাৰ ভিত্তিত পদোন্নতি দিয়াৰ বিপৰীতে সেৱাবিধি ভংগ কৰি কনিষ্ঠ বিষয়াৰ পদোন্নতিক কেন্দ্ৰ কৰি পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগত পূৰ্বৰে পৰাই অব্যাহত আছে বিতর্ক ।

পূর্ণ পর্যায়ৰ বি ডি অ'ৰ অভাৱত স্থবিৰ হৈ পৰিছে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ কাম

আনহাতে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত কিছুসংখ্যক ভাৰপ্ৰাপ্ত বি ডি অ’ চাকৰিৰ পৰা নিলম্বিত হৈ আছে । এনে বহু কাৰণত এতিয়া বিভিন্ন জিলাত খালী হৈ আছে বি ডি অ'ৰ পদ । জোৰা টাপলি মাৰি উক্ত ৭০টা খণ্ড উন্নয়ন কার্যালয় চলাই থকা হৈছে যদিও ভুক্তভোগী হৈছে গ্রামাঞ্চলৰ ৰাইজ । সেইদৰে পঞ্চায়তৰ জৰিয়তে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে ৰূপায়ণ হ'বলগীয়া আঁচনিকে ধৰি বিভিন্ন আঁচনিত আহি পৰিছে বাধা । ৰাজ্য চৰকাৰে এইক্ষেত্রত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details