গুৱাহাটী, 13 মে' :সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বর্তমানলৈকে মানৱ জাতিৰ হাতত নাই কোনো ধৰণৰ উপযুক্ত চিকিৎসা। সজাগতা আৰু সচেতনতাই হৈছে মাৰাত্মক কৰ'ণা ভাইৰাছক মানৱ দেহৰ পৰা আঁতৰাই ৰখাৰ একমাত্ৰ উপায়। চৰকাৰেও কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক সজাগ কৰি তুলিবলৈ কোটি-কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰি আছে । মাস্ক পৰিধান কৰি ৰাইজক ওলাই আহিবলৈ, সামাজিক দূৰত্ব মানি চলিবলৈ, সকলো সময়ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।
ইয়াৰ মাজতো কিন্তু কিছুমান দিশ চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ এটিএম সমূহৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । মহানগৰীৰ বিভিন্ন অঞ্চলত থকা এটিএম সমূহলৈ গ'লেই দেখিবলৈ পোৱা যায় সুৰক্ষা ব্যৱস্থাৰ অভাৱ ৷ এটিএম সমূহত এজনৰ পিচত আনজন ব্যক্তি প্ৰৱেশ কৰি আছে, এজনে স্পর্শ কৰা এটিএম মেচিন হেণ্ড ছেনিটাইজ অথবা এটিএম মেচিনটো ছেনিটাইজ নকৰাকৈ আকৌ আনজনে স্পৰ্শ কৰি আছে ।