গুৱাহাটী,২১ এপ্ৰিল : কংগ্ৰেছ দল কোনো ব্যৱসায়িক প্ৰতিষ্ঠান নহয় যে কোনোবাই ইয়াৰ চি এন এফ বা এজেঞ্চী ল’ব । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । এ আই ইউ ডি এফৰ একাংশ নেতাই তেওঁক কৰা সমালোচনাৰ প্ৰত্যুত্তৰত বিৰোধী দলপতি গৰাকীয়ে লগতে কয় যে, ৰাজনীতিৰ অভিধানত চি এন এফ বা এজেঞ্চী জাতীয় শব্দ নাই (Debabrat Saikia reacts to AIUDF)।
এনেবোৰ শব্দ ব্যৱসায়তহে থাকে । একাংশ বেপাৰী, ব্যৱসায়ী শেহতীয়াকৈ ৰাজনীতিলৈ আহিছে আৰু সেইবাবেই তেওঁলোকে এইধৰণৰ শব্দ বিলাক ৰাজনীতিত ব্যৱহাৰ কৰিছে । আনহাতে, ৰাজনীতিলৈ অহা এই শ্ৰেণীৰ ব্যৱসায়ীক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰি আহিছে বুলিও দেৱব্ৰত শইকীয়াই মন্তব্য কৰে ।
অসমত কোনে লৈছে কংগ্ৰেছৰ এজেঞ্চী-চি এন এফ ? আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই বিৰোধী দলপতি গৰাকীয়ে কয় যে "দালাল" শব্দটো কোনো বেয়া শব্দ নহয় । যি শ্বেয়াৰ বজাৰ উৰ্দ্ধগামী হ'লেই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, সেই শ্বেয়াৰ বজাৰ পৰিচালিত হয় দালাল ষ্ট্ৰীটৰ পৰা ।
কিন্তু ৰাজনীতিত দালালী কৰিব নালাগে । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে । থানা সমূহত থকা এজাহাৰ লেখি দিয়া দালালৰ বিৰুদ্ধে অভিযান চলাইছে, কিন্তু তেওঁৰ দলত দালালক প্ৰশ্ৰয় দিছে । দালালৰ দপদপনি বিজেপিত থাকিব পাৰে কিন্তু কংগ্ৰেছত নাই বুলিও মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
লগতে পঢ়ক:বিৰোধী শূন্য হোৱাৰ দিশে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ