অসম

assam

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:01 PM IST

ETV Bharat / state

নামদাইলং পুঞ্জীত গ্ৰেপ্তাৰ তিনি NNC কেডাৰ

NNC cadres arrested: অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনাত জড়িত তিনি নাগা নেশ্যনেল কাউঞ্চিলৰ সদস্য়ক গ্ৰেপ্তাৰ । অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ নামদাইলং পুঞ্জীত এক হত্যাকাণ্ড সংঘটিত হৈছিল ।

Naga National Council member arrested
নাগা নেশ্যনেল কাউঞ্চিলৰ সদস্য়ক গ্ৰেপ্তাৰ

নাগা নেশ্যনেল কাউঞ্চিলৰ সদস্য়ক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৮ ডিচেম্বৰ :অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনাত জড়িত তিনি নাগা নেশ্যনেল কাউঞ্চিল (NNC)ৰ সদস্য়ক গ্ৰেপ্তাৰ । ধৃত তিনি কেডাৰ হৈছে পুনিং ৰংমাই, দিতিউওয়াং ৰংমাই আৰু নামজাওৰেই গাংমেই ৷ ধৃত তিনি উগ্ৰপন্থী কেডাৰৰ ঘৰ সীমান্তৰ কাছাৰৰ নামদাইলং অঞ্চলত । যোৱানিশা সীমান্তৰ নামদাইলং অঞ্চলত কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই নাগা নেশ্যনেল কাউঞ্চিলৰ তিলি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে যোৱা ১২ ডিচেম্বৰত অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ নামদাইলং পুঞ্জীত এক হত্যাকাণ্ড সংঘটিত হয় । নাগা নেশ্যনেল কাউঞ্চিল নামৰ উগ্ৰপন্থী সংগঠনটোৰ এক সভাত গাইদেন চোংপো ৰংমাই নামৰ এজন সতীৰ্থক গুলীয়াই হত্যা কৰিছিল সংগঠনটোৰ আন এজন সদস্যই । এই ঘটনাৰ পাছত সীমান্ত অঞ্চলত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে । এই অভিযান কালত আৰক্ষীয়ে নাগা নেশ্যনেল কাউঞ্চিলৰ তিনি কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত তিনি কেডাৰে সতীৰ্থক গুলীয়াই হত্যা কৰিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে তিনি কেডাৰক আৰক্ষীয়ে ১০ দিনৰ ন্যায়িক জিম্মাত লৈ তদন্ত আৰম্ভ কৰা বুলি কয় কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ।

উল্লেখ্য় যে মঙলবাৰে বিয়লিৰ ভাগত অসম-মণিপুৰ সীমান্তৰ কাছাৰ জিলাৰ নামদাইলং পুঞ্জীত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এজন প্ৰাক্তন উগ্ৰপন্থী কেডাৰ নিহত হৈছে ৷ নিহত প্ৰাক্তন কেডাৰটোৰ নাম গাইদেন চংপো ৰংমাই ওৰফে চেলা ৰংমাই ৷ ইফালে, এই ঘটনাত কানলুন গাই নামৰ আন এজন লোক আহত হয় ৷

আনহাতে মঙলবাৰে নাগা নেশ্যনেল কাউঞ্চিলৰ গোপন বৈঠক অনুষ্ঠিত হৈছিল কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং পুঞ্জীত ৷ সেই বৈঠকতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবে উগ্ৰপন্থীৰ সংগঠনৰ এজন কেডাৰে প্ৰাক্তন উগ্ৰপন্থীৰ সদস্য চেলা ৰংমালৈ লক্ষ্য কৰি গুলীচালনা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ গুলীচালনাৰ পাচতে ততাতৈয়াকৈ ঘটনাস্থীলত উপস্থিত হয় আৰক্ষীৰ দল ৷

লগতে পঢ়ক:কাজিয়াৰ সূত্ৰপাত, সতীৰ্থৰ গুলীত নিহত প্ৰাক্তন উগ্ৰপন্থী কেডাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details