গুৱাহাটী, 25 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি অন্ত পৰিব যদিও ৰাজ্যত জোৰদাৰ গতিত অব্যাহত আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান । কাইলৈ অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ।
চামতা আৰু ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব গাডকাৰীয়ে শুকুৰবাৰে দিনৰ 11:30 বজাত দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গাডকাৰী হেলিকপ্টাৰ যোগে ৰাওনা হব নলবাৰী জিলাৰ চামতা অভিমুখে । চামতা আৰু ধৰ্মপুৰত তেওঁ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব ।
এই দুখন সভা সামৰি গাডকাৰী ধুবুৰীলৈ উৰা মাৰিব আৰু জিলাখনৰ গোলকগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ হৈ তেওঁ গোলকগঞ্জত এখন নিৰ্বাচনী সভাত ভাগ লৈ হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ উভতি আহিব ।
বিয়লি 3:40 বজাত গুৱাহাটীত উপস্থিত হৈয়েই তেওঁ এখন সংবাদমেলত ভাগ ল'ব । সংবাদমেলৰ পাছতে বিয়লি 5:30 বজাত বিশেষ বিমানযোগে গাডকাৰী নাগপুৰ অভিমুখে উৰা মাৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ