গুৱাহাটী,১ জুন: ক'ভিড পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে । ফলত বৰ্তমান ক'ভিড পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে । ইয়াৰ মাজতে আন এক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । মঙলবাৰৰ পৰা ৰাজ্যত ঘৰে ঘৰে সম্পন্ন কৰা হৈছে ক'ভিড পৰীক্ষা । 'নিশ্চয়তা' শীৰ্ষক এই অভিযানৰ অধীনত গাঁৱে গাঁৱে সামূহিক নিৰীক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । গাঁৱে গাঁৱে গৈ স্বাস্থ্য কৰ্মীয়ে ক'ভিড পৰীক্ষা সম্পন্ন কৰাব । এই অভিযানৰ অধীনত ৩৩ খন জিলাৰ ২৮ হাজাৰ গাঁৱলৈ যাব স্বাস্থ্য কৰ্মীৰ দল ।
নিশ্চয়তা: ৰাজ্যত ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা - ক'ভিড পৰীক্ষা
ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰে ক'ভিড পৰীক্ষা সম্পন্ন কৰোৱাৰ উদ্দেশ্যে 'নিশ্চয়তা' শীৰ্ষক কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে । এই কাৰ্যসূচীৰ অধীনত মঙলবাৰৰ পৰা গাঁৱে গাঁৱে গৈ স্বাস্থ্যকৰ্মীয়ে ক'ভিড পৰীক্ষা কৰাইছে । ৰাজ্যৰ ৩৩ খন জিলাৰ ২৮ হাজাৰ গাঁৱলৈ যাব স্বাস্থ্য কৰ্মীৰ দল ।
ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা
স্বাস্থ্য কৰ্মীসকলে ক'ভিড আক্ৰান্ত আৰু পৰিয়ালৰ আন সদস্যসকলক পৰামৰ্শ দিয়াৰ লগতে অন্যান্য বেমাৰৰ বিষয়েও পৰামৰ্শ আগবঢ়োৱাৰ লগতে তথা তথ্য সংগ্ৰহ কৰিব । উল্লেখ্য যে, স্থানীয় আশা কৰ্মীৰ সহযোগত চিকিৎসকৰ নেতৃত্বত চলিব ক'ভিড পৰীক্ষা সম্পন্ন কৰা হ'ব । এই কাৰ্যসূচীৰ জৰিয়তে আক্ৰান্ত লোকক চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলে সংক্ৰমণৰ আশংকা হ্ৰাস পাব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক: ক'ভিড নিগেটিভ হোৱাৰ পিছত পুনৰ অসুস্থ হোৱা ৰোগীক চিকিৎসা কৰিব HAMM হাস্পতালে