গুৱাহাটী, 8 জুনঃ৫ জুন তাৰিখে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক সংবাদমেল যোগে ব্যয় সংকোচনৰ কঠোৰ নিৰ্দেশনা গ্ৰহণ কৰে । ইয়াৰ ফলত ২০২১ চনৰ মাৰ্চ মাহলৈকে সকলো উন্নয়ন মূলক আঁচনি ৰূপায়ণ বন্ধ হ'ব । প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ বাহিৰে বন্ধ হ'ব সকলো আঁচনি যাৰ ফলত এতিয়া অন্ধকাৰ নামি আহিছে ব্যৱসায় ক্ষেত্ৰখনৰ লগত জড়িত লোকসকললৈ । উল্লেখযোগ্য যে বিত্তমন্ত্ৰীগৰাকীৰ ঘোষণাত কোৱা হৈছিল
ভয়াৱহ বিত্তীয় সংকটত দেশঃ অদীপ ফুকন - প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা
ব্যয় সংকোচনৰ নিৰ্দেশনাৰ ফলত ২০২১ চনৰ মাৰ্চ মাহলৈকে সকলো উন্নয়ন মূলক আঁচনি ৰূপায়ণ বন্ধ হ'ব । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ বাহিৰে বন্ধ হ'ব সকলো আঁচনি যাৰ ফলত এতিয়া অন্ধকাৰ নামি আহিছে ব্যৱসায় ক্ষেত্ৰখনৰ লগত জড়িত লোকসকললৈ।
অদীপ ফুকন
আনহাতে বিত্তমন্ত্ৰীগৰাকীৰ এনে ঘোষণাৰ পাছতে এতিয়া চিন্তিত অসমৰ সচেতন মহলৰ লগতে ব্যৱসায়ী সকল। কিয়নো অসমৰ দৰে অৰ্থনৈতিক ক্ষেত্ৰখনত পিছ পৰা এখন ৰাজ্যৰ বাবে ই অতি ভয়ংকৰ হ'ব। যদিহে দেশত উন্নয়ণৰ কাম নহয় অথবা এনৰেগাৰ কাম নহয় তেন্তে স্বাভাৱিকতে এই দেশৰ অৱস্থা সংকটজনক বুলি এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে বিশিষ্ট অৰ্থনৈতিক বিশ্লেষক তথা অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ ফুকনে।