নিউজ ডেস্ক, 29 নৱেম্বৰ :অসমৰ সাহিত্য জগতখনত এটা অতি পৰিচিত নাম মামণি ৰয়চম গোস্বামী ৷ অসমীয়া সাহিত্যৰ ভঁৰালটোক নিজৰ লিখনিৰাজিৰে সমৃদ্ধ কৰি থৈ যোৱা একেধাৰে এগৰাকী লেখক, কবি তথা জ্ঞানপীঠ বঁটাৰে সন্মানিত সাহিত্যিক মামণি ৰয়চম গোস্ৱামীৰ আজি নৱম মৃত্যুবাৰ্ষিকী ৷ 2011 চনৰ 29 নৱেম্বৰ তাৰিখেই অসমীয়া সাহিত্য তথা সমাজ জীৱনত এক খালী ঠাইৰ সৃষ্টি কৰি সকলোৰে মৰমৰ মামণি বাইদেউৱে অনন্তলোকলৈ গতি কৰিছিল ৷
অৱশ্যে কায়িকভাৱে ভৌতিক পৃথিৱীখনৰ পৰা বিদায় ল'লেও নিজৰ সৃষ্টিৰাজি তথা অসমীয়া সমাজ জীৱনলৈ থকা তেওঁৰ অপৰিসীম অৱদানৰ বাবে আজিও প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত জীয়াই আছে সকলোৰে চেনেহৰ মামণি বাইদেউ ৷
সৰুৰে পৰাই সংবেদনশীল মনৰ মামণি ৰয়চম গোস্বামীৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী ৷ 1942 চনৰ 14 নৱেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ আমৰঙাত উমাকান্ত গোস্বামীৰ দ্বিতীয় পত্নী অম্বিকা দেৱীৰ গৰ্ভত এইগৰাকী প্ৰখ্যাত লেখিকাই জন্মগ্ৰহণ কৰিছিল ৷
গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা মামণি ৰয়চমে পাছলৈ ক্ৰমে পাইন মাউন্ট স্কুল , তাৰিণীচৰণ বালিকা বিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন কলেজত শিক্ষা গ্ৰহণ কৰে ৷ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি 1963 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷
ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ অহা হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ এগৰাকী অভিযন্তা মাধৱেন ৰয়ছম আয়েংগাৰৰ সতে 1965 চনত তেওঁ বিবাহপাশত আবদ্ধ হয় ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে বিবাহৰ 18 মাহ পাছতে 1967 চনৰ 15 এপ্ৰিলত এক পথ দুৰ্ঘটনাত স্বামী মাধৱেনৰ মৃত্যু হোৱাত তেখেতে অকাল বৈধব্যক আঁকোৱালি ল'ব লগা হয় ৷ তেখেতৰ ব্যক্তিগত জীৱনৰ লগতে সাহিত্য জীৱনতো স্বামী মাধৱেনৰ প্ৰভাৱ উল্লেখনীয় ৷ আধালেখা দস্তাবেজত লেখিকা গৰাকীয়ে মাধৱেনে তেওঁৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছিল সেই বিষয়ে উল্লেখ কৰিছে ৷
ইতিপূৰ্বেই দেউতাক আৰু খুড়াকক হেৰুৱাই নিসংগতাত ভোগা ইন্দিৰাই স্বামীক অকালতে হেৰুৱাই আৰু অধিক মানসিকভাৱে বিপৰ্যস্ত হৈ পৰে ৷ স্বামীৰ মৃত্যুৰ পাছত অসমলৈ উভতি আহি ইন্দিৰাই 1968 চনত গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষক হিচাপে যোগদান কৰে ৷ অৱশ্যে কিছুদিন শিক্ষকতা কৰাৰ পাছতে তেখেতে ‘তুলসী দাসৰ ৰাম চৰিত মানস আৰু মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন’ শীষৰ্ক বিষয়ত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ তত্বাৱধানত গৱেষণাৰ কাম আৰম্ভ কৰে আৰু 1971 চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে ৷
বিশেষকৈ এগৰাকী ঔপন্যাসিক হিচাপে পৰিচিত মামণি ৰয়চম গোস্বামীয়ে অসমীয়া ভাষাত গল্প , কবিতা , অনুবাদ আৰু গৱেষণা কৰ্মৰ লগতে ইংৰাজী ভাষাতো বহুখিনি সৃষ্টিৰে সাহিত্য সংস্কৃতিৰ পৃথিৱীখনত নিজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে ৷ 1983 চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু 2001 চনত ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰখনত শ্ৰেষ্ঠতম সন্মান ‘জ্ঞানপীঠ’ বঁটা লাভ কৰা মামণি ৰয়ছম গোস্বামীৰ উল্লেখনীয় গ্ৰন্থসমূহৰ ভিতৰত আছে চেনাবৰ স্ৰোত (1972) ,নীলকণ্ঠী ব্ৰজ (1976) , অহিৰণ (1980),মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (1980), দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (1988), সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (1989), ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (1991), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (1994) , মামনি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ (1998) , দাশৰথীৰ খোজ (1999) , ছিন্নমস্তাৰ মানুহটো (2001) , থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (2006) আদিৰ দৰে উপন্যাস ৷
আধা লিখা দস্তাবেজ (1988) আৰু দস্তাবেজৰ নতুন পৃষ্ঠা (2007) এই দুখন আত্মজীৱনীৰ উপৰিও চিনাকি মৰম (1962), কইনা (1966) ,হৃদয় এক নদীৰ নাম (1990) ,মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প (1998), মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প (1998) আদিৰ দৰে চুটিগল্প আৰু বিভিন্ন কবিতাৰে মামণি ৰয়চমে অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে ৷
গল্প , কবিতা, জীৱনী , অনুবাদ সাহিত্য আদিৰেও সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা মামণি ৰয়চম গোস্বামীৰ প্ৰায়সমূহ লিখনিতে প্ৰকৃত সমাজ জীৱনৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় ৷ বিশেষকৈ পিতৃতান্ত্ৰিক সমাজ তথা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতিৰ মেৰপেচত নাৰীসকলে সন্মুখীন হৈ অহা সমস্যা সমূহ তেওঁ কাহিনীৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হয় ৷ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ দৰে উপন্যাস আৰু সংস্কাৰৰ দৰে গল্প তাৰেই উদাহৰণ ৷
উগ্ৰপন্থীৰ সমস্যাৰে জৰ্জৰিত অসমত শান্তি স্থাপনৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰো ভূমিকা পালন কৰা মামণি ৰয়চম গোস্বামীক তেখেতৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বহুকেইটা সন্মানেৰে সন্মানিত কৰা হৈছে ৷ মামৰে ধৰা তৰোৱালৰ বাবে 1982 চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত মামণি ৰয়চমে 1988 চনত অসম সাহিত্য সভা বঁটা , 1989 চনত ভাৰত নিৰ্মাণ বঁটা , 1992 চনত উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটা , 1993 চনত কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা, 1996 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা , 2000 চনত ভাৰতৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা , 2002 চনত পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি. লিট. সন্মান আৰু মহিয়সী জয়মতী বঁটা লাভ কৰে ৷ 2002 বৰ্ষতে তেওঁলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছিল যদিও তেওঁ এই বঁটা ল'বলৈ অস্বীকাৰ কৰে ৷ 2007 বৰ্ষত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ আৰু 2008 বৰ্ষত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি.লিট সন্মান অৰ্জন কৰে ৷ 2008 বৰ্ষতেই এছিয়াটিক চ'চাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা আৰু প্ৰিন্স ক্ল'ছ বঁটা লাভ কৰাৰ পাছত 2009 চনত ক্ৰমে অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ Professor Emeritus সন্মান লাভ কৰে ৷ শান্তি দূত বঁটা আৰু আন্তৰ্জাতিক তুলসী বঁটাৰে সন্মানিত এই গৰাকী মহীয়সী নাৰীক 2013 চনত মৰণোত্তৰভাৱে অসম ৰত্ন বঁটা প্ৰদান কৰা হয় ৷
2011 চনত 29 নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই গৰাকী স্বনামধন্য সাহিত্যিকে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত ইটিভি ভাৰতৰ ফালৰ পৰাও থাকিল গভীৰ শ্ৰদ্ধাঞ্জলি ৷
লগতে পঢ়ক:ইণ্ডিয়া টুডে’ৰ সমীক্ষাত বিকাশৰ ক্ষেত্ৰত অসমৰ শীর্ষস্থান লাভ