কামৰূপ মেট্ট, 5নৱেম্বৰ: আজি ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী । এই বিশেষ দিনটোত বিশ্ব বৰণ্য শিল্পীগৰাকীক ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে । গুৱাহাটীৰ জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকয়ৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হৈছে স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ দলে, সাংসদ কুইন ওজা, বিধায়ক ঋতুপৰ্ণ বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালীকে প্ৰমুখ্যে কৰি সাংস্কৃতিক বিভাগৰ বিষয়া-কৰ্মচাৰী সকল। অনুষ্ঠানত উপস্থিত থাকি বিশ্ব-বিশ্ৰুত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
মুখ্যমন্ত্ৰীয়ে সুঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক - স্মৃতি তৰ্পণ
আজি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত আয়োজন কৰা হয় স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা ৷
![মুখ্যমন্ত্ৰীয়ে সুঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক Ninth Death Anniversary](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9440666-333-9440666-1604571576853.jpg)
জালুকবাৰীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান
জালুকবাৰীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান
ভূপেন দা বিহীন 9টা বৰ্ষ অতিক্ৰম কৰিছে যদিও সুধাকণ্ঠৰ সৃষ্টিৰাজি সদায় ৰাইজৰ লগত আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ইয়াৰ লগতে সকলোকে সুধাকণ্ঠৰ আদৰ্শৰে আগবাঢ়ি যাবলৈও আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।
অন্য এক খবৰৰ বাবে: তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ
Last Updated : Nov 6, 2020, 6:08 AM IST