গুৱাহাটী,১১ জুন:ক'ভিডমুক্ত হ’ল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা । বিগত ৫ জুনত ক'ভিড-১৯ত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। ক'ভিডত(covid) আক্ৰান্ত হোৱা শিল্পীগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত । বিগত ৭ দিন ধৰি চলা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে নীলপৱন বৰুৱা।
বৰ্তমানে শিল্পীগৰাকীৰ স্বাস্থ্যজনিত কোনো সমস্যা নাই । কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী । চিকিৎসকৰ দলটোৱে শুকুৰবাৰে নিজ গৃহলৈ যোৱাৰ পৰামৰ্শ দিয়ে বৰুৱাক । অৱশ্যে দুমাহৰ বাবে চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব নীলপৱন বৰুৱা ।