অসম

assam

ETV Bharat / state

Nilmani Phookan is no more: কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান - Jnanpith awardee Nilmani Phookan

আকাশৰ পৰা খহি পৰিল এটা উজ্বল নক্ষত্ৰ ৷ সকলোকে কন্দোৱাই কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে গ’লগৈ কাব্যঋষি নীলমণি ফুকন (Nilmani Phookan is no more)৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল কবিগৰাকী ৷ অৱশেষত সংসাৰৰ মায়া-মোহ ত্যাগ কৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় 11:55 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে কাব্যঋষিগৰাকীয়ে ৷

Nilmani Phookan is no more
এক এজান পৃথিৱীলৈ হ’লগৈ কাব্যঋষি

By

Published : Jan 19, 2023, 12:18 PM IST

Updated : Jan 19, 2023, 1:31 PM IST

গুৱাহাটী, 19 গুৱাহাটী :কাব্যঋষি নীলমণি ফুকন আৰু নাই (Nilmani Phookan is no more) ৷ সকলোকে কন্দোৱাই এক অজান পৃথিৱীলৈ গ’লগৈ কাব্যঋষিগৰাকী ৷ চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে দিনৰ প্ৰায় 11:55 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল (GMCH)ত শেষ নিশ্বাস ত্যাগ কৰে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনে ৷ কবি নীলমণি ফুকনৰ মৃত্যুত এতিয়া সৰ্বত্ৰে পৰিছে শোক ছাঁ ৷

উল্লেখ্য যে, বিগত বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছে যশস্বী কবিগৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় 2 মান বজাত আহাৰ গ্ৰহণ কৰাৰ পাচতে কফে আমনি কৰিছিল ৷ তাৰ পাচৰ পৰাই স্বাস্থ্যৰ অৱনতি ঘটে কাব্যঋষিগৰাকীৰ (Nilmani Phookan health condition deteriorates) ৷

পৰৱৰ্তী পৰ্যায়ত বুধবাৰে নিশাই স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নিজা বাসগৃহৰ পৰা গুৱাহাটীৰ সঞ্জীৱনী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল জ্ঞানপীঠ বিজয়ী নীলমনি ফুকনক (Jnanpith awardee Nilmani Phookan) ৷ অৱশ্যে হঠাৎ স্বাস্থ্য অধিক অৱনতি ঘটাত নিশাই চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয় ৷ তাৰ পাচৰ পৰাই ক্ৰমাৎ অক্সিজেন লেভেল কমিবলৈ ধৰে কবি নীলমণি ফুকনৰ ৷

কাব্যঋষি নীলমণি ফুকন আৰু নাই

অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী মনিষীয়ে ৷ জ্ঞানপীঠ বিজয়ী নীলমনি ফুকনৰ মৃত্যুত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে ৷

কাব্যঋষি নীলমণি ফুকনৰ জীৱন আৰু শিক্ষা :

নীলমণি ফুকনৰ 1933 চনৰ 10 ছেপ্টেম্বত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ ইতিহাস বিষয়ত 1961 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ 1950 চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে । 1964 চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু 1992 চনত অৱসৰ গ্ৰহণ কৰে ।

'কবিতা' শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে প্ৰয়াত নীলমণি ফুকন 1981 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । 1990 চনত ভাৰত চৰকাৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হয় এইগৰাকী মনিষীক ৷ ইয়াৰোপৰি 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ 2002 চনত প্ৰদান কৰা হয় ।

কবি ফুকনক 2019 বৰ্ষৰ 19 আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘‘ডি লীট’’ উপাধি প্ৰদান কৰে । নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে 2021 চনত নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰে ৷ জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক ।

কবি নীলমণি ফুকন আছিল অসমীয়া ভাষাৰ এগৰাকী শ্ৰেষ্ঠ কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক । তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’’, 'কবিতা', আৰু ‘‘গোলাপী জামুৰ লগ্ন’’ ।

কবি নীলমণি ফুকনৰ কবিতাপুথি :

সূৰ্য হেনো নামি আহে এই নদীয়েদি (1963), নিৰ্জনতাৰ শব্দ (1965), আৰু কি নৈঃশব্দ্য্য (1968), জাপানী কবিতা (1971), ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে (1973), কাঁইট গোলাপ আৰু কাঁইট (1975), গোলাপী জামুৰ লগ্ন (1977), কবিতা (1980, সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত), গাৰ্থিয়া লৰ্কাৰ কবিতা (1981), নৃত্যৰতা পৃথিৱী (1985), সাগৰতলিৰ শংখ (1994, হীৰেন গোহাঁইৰ দ্বাৰা নিৰ্বাচিত কবিতাৰ সংগ্ৰহ), চীনা কবিতা (1996), অলপ আগতে আমি কি কথা পাতি আছিলোঁ (2003) ৷

কবি নীলমণি ফুকনে সম্পাদনা কৰা কবিতা পুথি :

কুৰি শতিকাৰ অসমীয়া কবিতা (1977), অৰণ্যৰ গান (1993) ৷

কাব্যঋষি ফুকনৰ অন্যান্য গ্ৰন্থ :

লোক কল্পদৃষ্টি (1987 অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ৰূপ বৰ্ণ বাক (1988, কলা আৰু কলাকাৰৰ প্ৰবন্ধ), শিল্পকলাৰ উপলব্ধি আৰু আনন্দ(1997), শিল্পকলাৰ দৰ্শন (1998), পত্ৰগুচ্ছ (2021)

কাব্যঋষি নীলমণি ফুকনৰ আত্মজীৱনীমূলক গ্ৰন্থ :

পাতি সোণাৰুৰ ফুল, পাহৰিব নোৱাৰিলো যি (2018) ৷

Last Updated : Jan 19, 2023, 1:31 PM IST

ABOUT THE AUTHOR

...view details