সুস্থ থাকিলে মই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো হয়: নীলমণি ফুকন - Nilamoni Phukan protest against CAB
অসমী আইৰ মুখৰ ভাষা হেৰাই যোৱাক লৈ শংকিত হৈ পৰিছে কবিগৰাকী।
![সুস্থ থাকিলে মই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো হয়: নীলমণি ফুকন কেবৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5283039-595-5283039-1575566671837.jpg)
কেবৰ প্ৰতিবাদ
গুৱাহাটী, 5 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় হৈছে প্ৰতিজন অসমীয়া। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে মাত মাতিছে স্বনামধন্য কবি নীলমণি ফুকনে । পূৰ্বৰে পৰা কেবৰ বিৰোধিতা কৰা যশস্বী কবিগৰাকীয়ে পূৰ্বৰ স্থিতিতেই এতিয়াও অটল আছো বুলি উল্লেখ কৰে। বৃহস্পতিবাৰে সাংবাদিকৰ আগত কেব প্ৰসংগ উলিয়াই আবেগিক হৈ পৰে কবি নীলমণি ফুকন। অসমী আইৰ মুখৰ ভাষা হেৰাই যোৱাক লৈ শংকিত হৈ পৰিছে কবিগৰাকী। শাৰিৰীকভাৱে সুস্থ থাকিলে ৰাজপথত আন্দোলন কৰিলো হয় বুলিও উল্লেখ কৰে বিশিষ্ট কবি তথা কলা সমালোচক নীলমণি ফুকনে।
নীলমণি ফুকন