গুৱাহাটী, 19 আগষ্টঃ যশস্বী কবি, কলা সমালোচক, শিক্ষাবিদ নীলমণি ফুকনক ‘ডি লিট’ ডিগ্ৰী প্ৰদান ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী ৷ সোমবাৰে কবিগৰাকীৰ মালিগাঁৱস্থিত বাসগৃহত উপস্থিত হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰঞ্জিত তামুলী আৰু পঞ্জীয়ক ড0 হৰি চন্দ্ৰ মহন্তই ‘ডি লিট’ প্ৰদান কৰে । বিশিষ্ট কবিগৰাকীক ইয়াৰ পূৰ্বে সাহিত্য একাডেমীয়ে প্ৰদান কৰা দেশৰ অন্যতম সৰ্বোচ্চ সাহিত্য সন্মান সাহিত্য একাডেমী ফেল’শ্বিপ লাভ কৰে ৷ লগতে অসম সাহিত্য সভাই তেঁওক ‘অসমৰ জাতীয় কবি’ৰ মৰ্যাদা প্ৰদান কৰে ৷
কবি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ ‘ডি লিট’ ডিগ্ৰী - assam news
ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে সন্মানীয় ‘ডি লিট’ ডিগ্ৰী ৷ সোমবাৰে কবিগৰাকীৰ মালিগাঁৱস্থিত বাসগৃহত উপস্থিত হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰঞ্জিত তামুলী আৰু পঞ্জীয়ক ড0 হৰি চন্দ্ৰ মহন্তই ‘ডি লিট’ প্ৰদান কৰে ৷
কবি নীলমণি ফুকনলৈ ‘ডি লিট’ ডিগ্ৰী
আনহাতে, ‘ডি লিট’ সন্মান গ্ৰহণৰ পাচত বিশিষ্ট কবি নীলমণি ফুকনে কয়, “মৈত্ৰী, মমতা, মনুষ্যত্ব, সত্য, সৌন্দৰ্য, মানৱতাৰ সাধনাই কবিৰ চানেকী৷ এজন কবিৰ কাৰণে সৃষ্টিৰ অমল আনন্দৰ সমান কোনো পুৰস্কাৰ বা সন্মান হ’ব নোৱাৰে৷”