গুৱাহাটী, 18 মে’ :‘‘অতি সাহসী আৰু কৰ্মদক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ তদন্ত চি বি আইৰ হাতত অৰ্পন কৰিব লাগে ৷ আনকি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়েও হস্তক্ষেপ কৰিব লাগে ৷’’ বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে নিখিল ৰাভা মহিলা পৰিষদে (SI Junmoni Rabha death incident)।
আনকি এই সংবাদমেলৰ জৰিয়তে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নিখিল ৰাভা মহিলা পৰিষদে (Junmoni Rabha mysterious death) ।
কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা আৰু সাধাৰণ সম্পাদক অশোক নংবাকৰ সহযোগত আহ্বান জনোৱা এই সংবাদমেলৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ললিতা ৰাভাই ৷ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই ৰাভা জাতীয় সংগঠনসমূহে (Nikhil Rabha women Parishad demands CBI probe into Junmoni Rabha death) ।