গুৱাহাটী, ৯ আগষ্ট : নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ কামৰূপ জিলাৰ উদ্যোগত ৬১ সংখ্যক সংহতি দিৱস উদযাপন ৷ ৬১ সংখ্যক সংহতি দিৱসৰ উদযাপন সমাৰোহ বুধবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত হৰিসভা প্ৰাংগণত অনুষ্ঠিত হয় । উক্ত সভাত নিখিল অসম স্বৰ্ণ শিল্পী কামৰূপ জিলাৰ সভাপতি ৰবীন্দ্ৰ বনিয়াই সভাপতিত্ব কৰে ৷
উদযাপন সমাৰোহত নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ ৰাজ্যিক সম্পাদক প্ৰশান্ত ৰয়, মুখ্য উপদেষ্টা ৰবীন্দ্ৰনাথ ৰয়, উপ-সভাপতি অৰুণ সান্যাল, সাংগঠনিক সম্পাদক ৰঞ্জিত অধিকাৰী, ধন ভৰালী নাৰায়ণ পালকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷ তেওঁলোকে স্বৰ্ণ শিল্পীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বক্তব্য আগবঢ়ায় আৰু ইয়াৰ সমাধানৰ বাবে সকলোৱে একত্ৰিত হৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।
সভাত কামৰূপ জিলাক ১৬ টা অঞ্চলত বিভক্ত কৰি ১৬ টা স্বাধীন আঞ্চলিক কমিটি গঠন কৰা হয় । আঞ্চলিক কমিটিক অনুমোদন আৰু মান্যতা প্ৰদান, পাইকাৰী আৰু খুচুৰা একেই প্ৰতিষ্ঠানত চলিব নে নাই, বাহিৰৰ পৰা আমদানিৰ বিষয়ত গুৰুত্ব দিয়াত আলোচনা কৰা হয় । এই সভাত নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ কামৰূপ জিলাৰ পুৰণি সমিতি ভংগ কৰি নতুন কমিটি গঠন কৰা হয় । নতুন কমিটিখন অৰুণ কুমাৰ সান্যালক সভাপতি, ৰঞ্জিত অধিকাৰীক যুটীয়া সভাপতি, নয়ন চন্দ্ৰ ধৰক সাধৰণ সম্পাদক, এম ডি শ্বেখ আব্দুল আজিজক যুটীয়া সম্পাদক আৰু বিকাশ ৰয়ক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা হয় ।
এই কমিটিখনৰ জৰিয়তে তেওঁলোকে নিজৰ শিল্প সংক্ৰান্তীয় সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা আলোচনা কৰে ৷
লগতে পঢ়ক :Amrit Bharat Station: অমৃত ভাৰত ষ্টেচনত অন্তৰ্ভুক্ত হ’ল ৰঙিয়া ষ্টেচন