অসম

assam

ETV Bharat / state

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ - গুৱাহাটী নৈশ ফেৰী

জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে পৰা নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ (Night ferry service in Guwahati begins)। ইয়াৰ বাবে এটা ম’বাইল এপো প্ৰস্তুত কৰি উলিওৱা হৈছে । যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব ।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ

By

Published : Feb 19, 2022, 10:57 PM IST

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : শনিবাৰৰ পৰা আৰম্ভ হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা (Night ferry service in Guwahati begins)। জল পৰিবহণ বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে পৰা নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ । আনকি ইয়াৰ বাবে এটা ম’বাইল এপো প্ৰস্তুত কৰি উলিওৱা হৈছে ।

যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত নিৰ্ণয় কৰিব দিশ । মাদ্ৰাছ আই আই টিৰ বিজ্ঞানী ড৹ কে ৰাজুৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ এপটো । নিশা ম’বাইল এপৰ জৰিয়তে নদীত দিশ নিৰ্ণয় কৰা ব্যৱস্থাৰ ক্ষেত্ৰত অসমেই হৈছে দেশৰ প্ৰথমখন ৰাজ্য ।

ইয়াৰ ফলত বহু সকাহ আহি পৰিছে উত্তৰ গুৱাহাটী ৱাসীৰ মাজত । প্ৰায় ২ বছৰ ধৰি কাম কৰাৰ পিছত সফালতা লাভ কৰে জল পৰিবহণ বিভাগে । শনিবাৰে এই সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:Pranam Act 2017: বয়োজ্যেষ্ঠ, দিবাংগজনৰ সুৰক্ষাৰ নিশ্চিতি কেতিয়া ?

ABOUT THE AUTHOR

...view details