গুৱাহাটী,6 আগষ্টঃ শুকুৰবাৰে সমগ্ৰ দেশত উদযাপন কৰা হ'ব ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ এই দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰিয়েই অনুষ্টুপীয়াকৈ এইবৰ্ষৰ হস্ততাঁত দিৱস পালন কৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিল নামৰ সংগঠনটোৱে ৷ চলিত বৰ্ষত ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ, কৰ'ণা ভাইৰাছৰ লগতে বানপানীৰ ত্ৰাসৰ বাবে সংগঠনটোৱে অনুষ্ঠান আয়োজনৰ পৰা বিৰত থাকে ৷ ইপিনে সংবাদমেলত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিলৰ সভাপতি মেধা শইকীয়াই মন্তব্য কৰি কয় যে, দেশত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে তেওঁলোকৰ লগতে শিপিনী সকলো ব্যাপক সমস্যাত পৰিছে ৷ সেয়ে সংবাদমেল যোগে সকলোকে হাতে বোৱা কাপোৰ পিন্ধিবলৈ অনুৰোধ জনায় মেধা শইকীয়াই ৷
NEIFDC ৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস - মেধা শইকীয়া
সংবাদমেলত নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিলৰ সভাপতি মেধা শইকীয়াই মন্তব্য কৰি কয় যে, দেশত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে তেওঁলোকৰ লগতে শিপিনীসকলো ব্যাপক সমস্যাত পৰিছে ৷ সেয়ে সংবাদমেল যোগে সকলোকে হাতে বোৱা কাপোৰ পিন্ধিবলৈ অনুৰোধ জনায় মেধা শইকীয়াই ৷
![NEIFDC ৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস NIFDC Celebrate National Handicraft Day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8322253-511-8322253-1596726389382.jpg)
NEIFDC ৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস
NEIFDC ৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস
আনহাতে আজি সংবাদমেলত উপস্থিত থাকে যুটীয়া সম্পাদক বৰষা ফুকনকে ধৰি সংগঠনটোৰ বহুকেইগৰাকী বিষয়ববীয়া ৷ উল্লেখযোগ্য যে, 2019 বৰ্ষৰ পৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিল নামৰ সংগঠনটোৱে পালন কৰি আহিছে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷
লগতে পঢ়কঃবিবাদিত ভূমিত হেলিপেড নিৰ্মাণ নেপালৰ