অসম

assam

By

Published : May 30, 2020, 4:26 PM IST

ETV Bharat / state

অখিল গগৈ সহ চাৰি কৃষক নেতাৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ প্ৰতিবেদন দাখিল

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ১৩/১৯ নম্বৰ গোচৰৰ ভিত্তিত বিগত বর্ষৰ ১৪ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল নিয়াই ৷ ১০ দিন নিয়া'ৰ জিম্মাত থকা পাছত কৃষক নেতা গৰাকীক আদালতে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ ৷

NIA submitted chargesheet against Akhil Gogoi
অখিল গগৈ সহ চাৰি কৃষক নেতাৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ প্ৰতিবেদন দাখিল

গুৱাহাটী, 30 মে': ৪ মাহ যোৰা তদন্তৰ অন্তত চান্দমাৰীস্থিত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা "নিয়া"ৰ আদালত কৃষক নেতা নেতা অখিল গগৈ আৰু কাৰাৰুদ্ধ কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন দাখিল ৷ প্ৰতিবেদনত অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক থকাৰ লগতে অন্য তিনিজনে অখিল গগৈৰ আদর্শক সমৰ্থন কৰাৰ বুলি উল্লেখ কৰিছে নিয়াই । উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ১৩/১৯ নম্বৰ গোচৰৰ ভিত্তিত বিগত বর্ষৰ ১৪ ডিচেম্বৰত যোৰহাট কাৰাগাৰৰ পৰা কৃষক নেতা অখিল গগৈক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল নিয়াই ৷ ১০ দিন নিয়া'ৰ জিম্মাত থকা পাছত কৃষক নেতা গৰাকীক আদালতে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ ৷ অখিল গগৈক গ্ৰেপ্তাৰৰ পাছতে অন্য তিনিজন কৃষক নেতা ক্ৰমে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল নিয়াই ৷ ইয়াৰ পাছৰে পৰা বিগত ৪ মাহে কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে নেতা কেইজন ৷

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সৰৱ অধিবক্তা কৃষ্ণ গগৈ

উল্লেখযোগ্য যে সমগ্ৰ ঘটনা নিয়াৰ অভিযোগনামাত উল্লেখ থকাৰ পাছতো অসম আৰক্ষীয়ে কিদৰে ইটোৰ পিছত সিটো গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰি আছে বুলি প্ৰশ্ন কৰিছে অধিবক্তা কৃষ্ণ গগৈয়ে ৷ আনহাতে ইতিমধ্যেই আৰক্ষীয়ে চাবুৱা থানাৰ তিনিটা গোচৰত বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিছে কৃষক নেতা অখিল গগৈক।

লগতে পঢ়কঃ লুইতৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি অভয়াৰণ্যলৈ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details