গুৱাহাটী, 26 ডিচেম্বৰ:বৃহস্পতিবাৰে পুৱাই অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলায়ত অভিযান চলিল নিয়াৰ। অভিযানকাৰী দলটোৱে অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহৰ পৰা অখিল গগৈৰ লেপটপসহ বিভিন্ন নথি-পত্ৰ জব্দ কৰে। উক্ত অভিযান সন্দৰ্ভত অখিল গগৈৰ পত্নীয়ে সাংবাদিকৰ আগত অভিযানৰ সময়ত কি কি নথি-পত্ৰ জব্দ কৰে এই বিষয়ে জনায় লগতে সমগ্ৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি নিয়াৰ আদালতত হাজিৰ কৰোৱা হ'ব অখিল গগৈক। বুধবাৰে নিশাই দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল অখিল গগৈক।
অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান - অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়l NIA ৰ অভিযান
নিয়াৰ এই অভিযানত জব্দ কৰিলে নথি-পত্ৰসহ অখিল গগৈৰ লেপটপ,কাৰাগাৰৰ ডায়েৰী নামৰ অখিল গগৈয়ে লিখা কিতাপৰ এখন পাণ্ডুলিপিও ৷ অখিল গগৈৰ পত্নীৰ মন্তব্য-এয়া ৰাজনৈতিক ষড়যন্ত্ৰ ৷
অখিল গগৈৰ বাসগৃহত NIA ৰ অভিযান