গুৱাহাটী, ১৭ নৱেম্বৰ:ৰাজ্যৰ এখন আগশাৰীৰ টেবুল টেনিছৰ প্ৰশিক্ষণ কেন্দ্ৰ হৈছে গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেছন । বুধবাৰে এই ফাউণ্ডেছনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাস উপস্থিত হয় জনতা ভৱনত ৷ প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে জনতা ভৱনত সাক্ষাৎ কৰে অসম টেবুল টেনিছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক ৷
লগতে মন্ত্ৰীগৰাকীক সম্বৰ্ধনাও জ্ঞাপন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মানস প্ৰতিম দাসে ৷ জনতা ভৱনতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু প্ৰশিক্ষক মানস প্ৰতিম দাসে এক আলোচনাতো মিলিত হয় ৷ এই আলোচনাত অসমৰ টেবুল টেনিছৰ ভৱিষ্যত সম্পৰ্কেও আলোচনা কৰা হয় ৷