অসম

assam

ETV Bharat / state

প্ৰকৃতিৰ বিধি-পথালি: আগষ্টত আৰম্ভ নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন

দেশৰ মুঠ প্ৰয়োজনৰ পঞ্চাশ শতাংশ বিদ্যুৎ শক্তি উৎপাদনৰ সক্ষমতা পুহি ৰখা বুলি দাবী কৰা অৰুণাচল প্ৰদেশ এই ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাই । জলবিদ্যুৎ প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগ তথা কেতবোৰ সীমাবদ্ধতাৰ বাবে সম্পূৰ্ণ হোৱা নাই নামনি সোৱণশিৰিকে মুখ্য কৰি কেইবাটাও অভিলাসী প্ৰকল্প ।

By

Published : Jun 11, 2022, 8:43 PM IST

আগষ্টত আৰম্ভ নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন
আগষ্টত আৰম্ভ নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন

গুৱাহাটী, ১১ জুন: জলবিদ্যুৎ শক্তি উৎপাদনৰ ক্ষেত্ৰত বহু সম্ভাৱনা লৈ থকা অৰুণাচল প্ৰদেশে এই ক্ষেত্ৰত যি ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিছিল, সেয়া আজিও সম্ভৱ হৈ উঠা নাই । অতি লক্ষনীয়ভাবে অহা আগষ্ট মাহত বহু প্ৰতীক্ষিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ(Lower Subansiri Hydroelectric Power Project) এটা ইউনিটৰ উৎপাদন আৰম্ভ হোৱাৰ কথা আছিল । ইয়াৰ উৎপাদন নিৰ্ধাৰণ কৰা হৈছিল ৫০০ মেগাৱট ।

মুঠ ২০০০ মেগাৱট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈ ২০০৬ চনতে নিৰ্মাণৰ কাম আৰম্ভ হোৱা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম ইউনিটটোৰ উৎপাদন চলিত বৰ্ষৰ আগষ্ট মাহৰ মাজভাগত আৰম্ভ হ’ব‌ বুলি ২০২১ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰিছিল নেশ্বনেল হাইড্ৰ’ পাৱাৰ কৰ্পৰেচনৰ(National Hydroelectric Power Corporation) অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ কৰে সিঙে । কিন্তু নাম প্ৰকাশত অনিচ্ছূক এন এইচ পি চিৰ এগৰাকী জ্যোষ্ঠ বিষয়াই জনোৱা মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৫০০ মেগাৱট জলবিদ্যুৎ উৎপাদনক্ষম এই ইউনিটটোৰো উৎপাদন অহা আগষ্ট মাহত সম্ভৱ হৈ নুঠিব ।

সূত্ৰটোৱে জনোৱা মতে প্ৰকল্পৰ ওপৰৰ অংশত হোৱা অত্যাধিক বৰষুণ আৰু অন্যান্য পৰিস্থিতিগত কাৰণত প্ৰথম ইউনিটটোৰো কাম সম্পূৰ্ণ হৈ উঠা নাই । আগষ্ট মাহৰ নিৰ্ধাৰিত সময়তে উৎপাদন আৰম্ভ কৰাৰ বাবে শেহতীয়াকৈ তৎপৰতাৰে সকলো কাম আগবঢ়াই অনা হৈছিল । কিন্তু নেৰানেপেৰা বৰষুণে এই কামত বিধিপথালি দিছে । যোৱা সপ্তাহত বিপদশংকুল পৰিৱেশত কাম কৰি থকাৰ অৱস্থাতে এজন শ্ৰমিকে মৃত্যুক সাৱটিবলগীয়া হয় (Workers dead at NHPC dam)।

সূত্ৰটোৰ মতে এই ঘটনাৰ পাছতে শ্ৰমিকসকলে তেনে প্ৰতিকূল পৰিস্থিতিত বিপদজনক হৈ পৰা কামৰ বিৰত থকাৰ সিদ্ধান্ত লৈছে । ফলত প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । মনকৰিবলগীয়া যে কেৱল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয়, অৰুণাচলত প্ৰস্তাৱিত প্ৰতিটো জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কামে যোৱা দুটা দশক ধৰি অতি লেহেমীয়া গতিৰেহে আগবাঢ়ি আছে । বিশেষকৈ নামনি সোৱণশিৰি নদীপুঞ্জ (ৰিভাৰ বেচিন)ত প্ৰস্তাৱিত এটাও প্ৰকল্পৰ কাম আকাংক্ষিতভাবে আগবঢ়া নাই ।

তথ্য অনুসৰি,‌‌ এই নদীৰ বুকুত নিৰ্মীয়মান বহু চৰ্চিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (২০০০ মেগাৱট)ৰ উপৰিও মধ্য নামনি সোৱণশিৰি (১৬০০ মেগাৱট) প্ৰকল্প, নালো জলবিদ্যুৎ (৩৬০ মেগাৱট) প্ৰকল্প, নাবা (১০০০ মেগাৱট) জলবিদ্যুৎ প্ৰকল্প, উজনি সোৱণশিৰি (২০০০ মেগাৱট) ৰ উৎপাদন কেতিয়া আৰম্ভ হ'ব তাৰ কোনো নিশ্চয়তা নাই । ইফালে অৰুণাচলে দাবী কৰি আহিছে যে ৰাজ্যখনত মুঠ ৭০ হাজাৰ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰাৰ সম্ভাৱনা আৰু সেই অনুসৰি পৰিকল্পনা আছে ।

উল্লেখ্য যে, এইচ পি চি, নীপকো(North Eastern Electric Power Corporation Limited) দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ উপৰিও ভালেসংখ্যক ব্যক্তিগত খণ্ডৰ শক্তি উৎপাদক কোম্পানীক জলবিদ্যুৎ প্ৰকল্প ৰূপায়ন কৰাবলৈ ৰাজ্য চৰকাৰ চুক্তিবদ্ধ হৈছে । শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে(Arunachal pradesh CM) আৰু অধিক সংখ্যক কোম্পানীক ৰাজ্যৰ জলবিদ্যুৎ প্ৰকল্পৰ কামত নিয়োজিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা ঘোষনা কৰিছে ।

চৰকাৰখনে এই ক্ষেত্ৰত এন এইচ পি চিৰ দৰে প্ৰতিষ্ঠানৰ ওপৰত হেঁচা অব্যাহত ৰাখিছে । ইয়াকে লৈ ৰাজ্য চৰকাৰ সমালোচিতও হৈছে । কিন্তু প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত প্ৰকৃতিয়ে সৃষ্টি কৰা প্ৰতিবন্ধকতাই সমগ্ৰ বিষয়টো অনিশ্চয়তাৰ দিশে ঠেলি নিছে ।

লগতে পঢ়ক:অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে: যোগেন মহন

ABOUT THE AUTHOR

...view details