অসম

assam

ETV Bharat / state

NHPC ৰ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ জাতীয় দল-সংগঠনৰ - পুনৰ আন্দোলনৰ হুংকাৰ জাতীয় দল-সংগঠনৰ

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে(Union power minister RK singh) শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ কাম অহা বছৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে । ফলস্বৰূপে ইয়াক লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ দল সংগঠন ৷

nhpc-big-dam-to-start-operation-regional-organizations-to-start-protest
NHPC ৰ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ জাতীয় দল-সংগঠনৰ

By

Published : Dec 4, 2021, 9:49 PM IST

গুৱাহাটী, 4 ডিচেম্বৰ :বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতীয় দল সংগঠনে কৰা আন্দোলন এক প্ৰকাৰ ইতিহাস হৈ পৰাৰ পিছত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন অচিৰেই আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে( NHPC big dam to start operation)। ইয়াকে লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হৈছে। আছুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ দিছে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে(Union power minister RK singh) শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ কাম অহা বছৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে । প্ৰথম পৰ্যায়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব। প্ৰকল্পটোৰ উৎপাদনৰ লক্ষ্য দুহাজাৰ মেগাৱাট বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে প্ৰকাশ কৰিছে ।

মন কৰিবলগীয়া যে, এন এইচ পি চিৰ দ্বাৰা নিৰ্মিত বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোয়ে অদূৰ ভৱিষ্যতে অসমৰ লখিমপুৰ, ধেমাজি, শোণিতপুৰ আদি জিলাকেইখনৰ মানুহৰ জীৱন-জীবিকাৰ প্ৰতি চৰম ভাবুকি আনিব বুলি আশংকা কৰিয়েই প্ৰকল্পটোৰ সুৰুক্ষা নিশ্চিত নোহোৱালৈকে ইয়াৰ কাম বন্ধ ৰখাৰ দাবী জনায় আছুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন কৰিছিল ।

NHPC ৰ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ জাতীয় দল-সংগঠনৰ

যাৰ ফলশ্ৰুতিত যোৱা ২০১১ চনৰ পৰা ডিচেম্বৰৰ পৰা এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিল। কিন্তু আছুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰাম ক্ৰমাৎ লাহে দুৰ্বল হৈ পৰে। আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি এন এইচ পি চি কৰ্তৃপক্ষই কৰোণাজনিত লকডাউনৰ মাজতো নিৰ্মাণকাৰ্য চলাই থকাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৱাহাটীত আহি সদম্ভে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ বুলি ঘোষণা কৰিছে ।

এই সম্পৰ্কত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্য(AASU chief Samujjal Bhattacharjya on NHPC)ই কয় যে ভূমিকম্প প্ৰৱন এলেকা নামনি সোৱণশিৰিত বৃহৎ নদী বান্ধ নিৰ্মাণ হ'ব নালাগে বুলি অসমৰ বিশেষজ্ঞ কমিটীয়ে যুক্তি দিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষজ্ঞ কমিটীয়ে যুক্তিক অগ্ৰাহ্য কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কৰিছে। চৰকাৰে বলপূৰ্বকভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কৰিছে ।

তেওঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পৰ্কত বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনৰ ভিত্তি অসমৰ জাতীয় সংগঠনবোৰৰ লগত ত্ৰিপাক্ষিক আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি চৰকাৰে ৰক্ষা নকৰিলে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰুদ্ধে পুনৰ প্ৰবল আন্দোলন কৰা বাহিৰে আন উপায় নাই বুলি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰকাশ কৰে ।

ইপিনে, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ(MLA Akhil Gogoi on NHPC)য়ে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভয়ংকৰ জলবোমাসদৃশ । তেওঁ কয় যে চৰকাৰে তেওঁক আৰু তেওঁৰ সতীৰ্থসকলক ১ বছৰ সাতমাহ জেলত কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ বিৰুদ্ধে চলি থকা আন্দোলন স্থবিৰ হৈ পৰিছিল। যাৰ সুযোগ চৰকাৰে গ্ৰহণ কৰিছে । তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে অসম কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব ।

আনহাতে কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে আমাৰ সংগঠনৰ পূৰ্বৰ যি স্থিতি সেই স্থিতিতে আমি অটল আছো। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে আমাৰ সংগঠনে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব।

ইপিনে অসম পাব্লিক ৱৰ্কচৰ(Assam public works) সভাপতি অভিজিৎ শৰ্মাই কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে অসম পাব্লিক ৱৰ্কচে ন্যায়ালয়ত গোচৰ তৰিছিল। কিন্তু এই গোচৰটোত অসম পাব্লিক ৱৰ্কচ হাৰিছে। ইয়াৰ পিছত কোনোবা সংগঠনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব খুজিছে তেনেহলে সচা অৰ্থত আন্দোলন কৰক। কিন্তু আন্দোলনৰ নামত যাতে কোনো নাটকবাজী নহয়।

লগতে পঢ়ক :Cyclone Jawad : বাতিল হ’ল 75 খনকৈ ৰে’লৰ যাত্ৰা

ABOUT THE AUTHOR

...view details