গুৱাহাটী, 22 ফেব্ৰুৱাৰী :চলিত বৰ্ষ জানুৱাৰী মাহৰ পৰা অসমত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত সংখ্যা ৷ ১৫ ফেব্ৰুৱাৰী ৰাজ্য়ত ১১ জন ক’ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭ ফেব্ৰুৱাৰীত, ২১ জন, ১৮ ফেব্ৰুৱাৰীত ১৯ জন, ২০ ফেব্ৰুৱাৰীত ১৬ জন আৰু ২১ ফেব্ৰুৱাৰী দেওবাৰে ন জনকৈ লোক ক’ৰণাত আক্ৰান্ত হৈছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আয়ুক্ত সচিব সমীৰ সিনহাই সোমবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে এই তথ্য ৷ আয়ুক্ত সচিবগৰাকীয়ে ক’ৰণা মহামাৰী পৰিস্থিতিৰ সন্দৰ্ভত সংবাদ মাধ্যমক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জনোৱা লগতে ভেকচিন প্ৰদানৰ বিষয়ে অৱগত কৰে ৷ বিষয়াগৰাকীয়ে মহাৰাষ্ট্ৰ কেৰালা আদি ৰাজ্যৰ তুলনাত অসমত ক’ৰণা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও জানুৱাৰী মাহৰ পৰা আক্ৰান্ত সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে ৷
সংবাদমেলত স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশত বৰ্তমানলৈকে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক ক’ৰণাত আক্ৰান্ত হৈছে ৷ অসমত এই সংখ্যা ২ লাখলৈ বৃদ্ধি হৈছে ৷ ক’ৰণাৰ এই ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে সকলোকে সজাগ সচেতন হৈ থকাৰ লগতে ক’ভিড প্ৰ’টকলৰ সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ৷ তেওঁ লগতে ক’ৰণা মহামাৰী সময়ত সন্মুখত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্য কৰ্মী, নাৰ্ছ, অঙ্গনবাড়ী কৰ্মী, পঞ্চায়ত কৰ্মীসকলক ভেকচিন প্ৰদান কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ৷