গুৱাহাটী, ১ জুলাই : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে ২৭ জুনৰ পৰা ২৯ জুনৰ ভিতৰত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ সৈতে জড়িত ১৩টা চোৰক কৰায়ত্ত কৰে । বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা এই পৰীক্ষণৰ সময়ত সুৰক্ষা বাহিনীয়ে কাটিহাৰ, নিউ জলপাইগুড়ী, দলগাওঁ, কামাখ্যা আৰু গুৱাহাটীৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১,৯২,০০০ টকাৰ মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
২৯ জুনত সংঘটিত এক ঘটনাত নিউ জলপাইগুড়ীৰ আৰ পি এফ এছকটিং দলে এজন যাত্ৰীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰে’ল নং ১৫৬৫৮ (ব্ৰহ্মপুত্ৰ মেইল) ৰ পৰা ১০,০০০ টকা মূল্যৰ চুৰি হোৱা ম’বাইল ফোনৰ সৈতে ২ টা চোৰক কৰায়ত্ত কৰে । কৰায়ত্ত কৰা চোৰ দুটাক ডি আৰ চি/কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয় ।
আনহাতে ২৮ জুনত সংঘটিত আন এটা ঘটনাত কাটিহাৰ ৰে’ল ষ্টেচনত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত কাটিহাৰৰ আৰ পি এফৰ চিপিডিএছ (অপৰাধ প্ৰতিৰোধ আৰু চিনাক্তকৰণ স্কোৱাড) দলে ৩ টা চোৰক কৰায়ত্ত কৰে আৰু যাত্ৰীৰ পৰা চুৰি কৰা প্ৰায় ৪০,০০০ টকা মূল্যৰ তিনিটা ম’বাইল ফোন উদ্ধাৰ কৰে । পিছত ধৃত চোৰ কেইটাক জি আৰ পি / কাটিহাৰৰ ভাৰপ্ৰাপ্ত বিষয়াক গতাই দিয়া হয় ।