অসম

assam

ETV Bharat / state

24 তাৰিখলৈ বাতিল উত্তৰ-পূৱৰ বহুকেইখন ৰেল - NFR Cancelled Train

আগন্তুক 24 জানুৱাৰীলৈ স্থানীয় যাত্ৰীবাহী ৰেলসেৱাৰ পৰা বঞ্চিত হ'ব অসমৰ জনগন ৷ এই কথা প্ৰকাশ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷

NFR Cancelled Train due to Railtrack Expansion
24 তাৰিখলৈ বাতিল উত্তৰ-পূৱৰ বহুকেইখন ৰেল

By

Published : Jan 21, 2020, 5:34 PM IST

গুৱাহাটী, 21 জানুৱাৰীঃ অহা 24 তাৰিখলৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে বাতিল কৰিছে বহুকেইখন যাত্ৰীবাহী ৰেল ৷ নিউ বঙাইগাঁও আৰু মাজবাটৰ মাজত নিৰ্মাণ হৈ থকা দ্বৈত ৰেলপথৰ কামৰ বাবেই এইদৰে বাতিল কৰা হৈছে যাত্ৰীবাহী ৰেলসমূহ ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে ইতিমধ্যে আৰম্ভ কৰিছে বৈদ্যুতিক ৰেলপথৰ কাম ৷ ইয়াৰ সমান্তৰালকৈ চলি গৈছে ৰেলপথ সম্প্ৰসাৰণৰ কামো ৷ দ্বৈত ৰেলপথৰ কাম পূৰ্ণগতিত চলি থকাৰ বাবেই এইদৰে আগন্তুক 24 জানুৱাৰীলৈ বাতিল কৰা হৈছে স্থানীয় বহুকেইখন যাত্ৰীবাহী ৰেল ৷ অৱশ্যে যাত্ৰীৰ সুবিধাৰ্থে মানস ৰাইনো, গুৱাহাটী-জোগীঘোপা ৰেলসমূহ অন্য স্থানেৰে চলাচলৰ ব্যৱস্থা কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ৷ ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

24 তাৰিখলৈ বাতিল উত্তৰ-পূৱৰ বহুকেইখন ৰেল

ABOUT THE AUTHOR

...view details