অসম

assam

ETV Bharat / state

আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰে'ল বিভাগৰ

সোমবাৰৰ পৰা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে'লখনত এটা এ চি 3 টায়াৰ ডবা সংযোজন কৰা হ'ব ৷ লগতে নিউ বঙাইগাঁও-গুৱাহাটী, ৰঙাপৰা-ৰঙিয়া, আগৰতলা-ধৰ্মনগৰ, আগৰতলা-গাৰ্জিৰ মাজত চলাচল কৰা মুঠ ৮খন ৰে'লত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা ।

By

Published : May 5, 2019, 10:57 PM IST

ৰেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ

গুৱাহাটী, 5 মে’: যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ পদক্ষেপ । ৰে'লৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে অতিৰিক্ত ডবা সংযোজনৰ ব্যৱস্থা কৰিছে ৰে'ল বিভাগে । সোমবাৰৰ পৰা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰে'লখনত এটা এ চি 3 টায়াৰ ডবা সংযোজন কৰা হ'ব ৷ লগতে নিউ বঙাইগাঁও-গুৱাহাটী, ৰঙাপৰা-ৰঙিয়া, আগৰতলা-ধৰ্মনগৰ, আগৰতলা-গাৰ্জিৰ মাজত চলাচল কৰা মুঠ ৮খন ৰে'লত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা ।

ৰেলৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ

লগতে পঢ়ক: নিৰ্বাচনৰ নিৰাপত্তাথলীতে সতীৰ্থৰ গুলীত নিহত আৰক্ষী উপ পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

আসনৰ অভাৱত যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সমাধান কৰাৰ বাবেই ৰে'ল বিভাগে গ্ৰহণ কৰিছে এই সিন্ধান্ত । ইফালে বহুকেইখন ৰেলগাড়ী উন্নত মানৰ কৰাৰ বাবে পদক্ষেপ হাতত লোৱাৰ কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই ।

ABOUT THE AUTHOR

...view details