গুৱাহাটী,6 মাৰ্চঃঅহা 8 মাৰ্চত বিশ্বজুৰি উদযাপন কৰা হ’ব আন্তৰ্জাতিক নাৰী দিৱস ৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই হাতত লৈছে বিশেষ কাৰ্যসূচী ৷ বিভাগটোত কৰ্মৰত মহিলাসকলক উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ কৰ্মক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু এইবোৰৰ পৰা কেনেদৰে হাত সাৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হৈছে । তাৰোপৰি 'কৰ্মস্থলীত মহিলাৰ নতুন প্ৰত্যাহ্বানসমূহ' শীৰ্ষক তৰ্ক প্ৰতিযোগিতা, মহিলাসকলৰ আত্মৰক্ষাৰ কৰ্মশালাৰ দৰে অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে ৷
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বৰ্ণাঢ্য কাৰ্যসূচী - আন্তৰ্জাতিক নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই হাতত লৈছে বিশেষ কাৰ্যসূচী ৷ বিভাগটোত কৰ্মৰত মহিলাসকলক উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বৰ্ণাঢ্য কাৰ্যসূচী
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বৰ্ণাঢ্য কাৰ্যসূচী
উল্লেখযোগ্য যে অহা 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাও এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ উক্ত অনুষ্ঠানত ৰে'ল বিভাগত কৰ্মৰত বহুকেইগৰাকী বিশেষভাৱে সক্ষম মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷