অসম

assam

ETV Bharat / state

অম্বুবাচী মেলাঃ বহিঃৰাজ্যৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা

পশ্চিম বংগ আৰু বাৰাণসীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে । ইফালে কামাখ্যা ৰে’লৱে ষ্টেচনত পৰিস্কাৰ পৰিচন্নতা আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ।

অম্বুবাচী উপলক্ষে বিশেষ ব্যৱস্থা ৰেল বিভাগৰ

By

Published : Jun 16, 2019, 5:41 PM IST

গুৱাহাটী, 16 জুন: অম্বুবাচীলৈ আৰু মাজত মথো কেইটামান দিন বাকী । দেশী-বিদেশী লাখ-লাখ ভক্তৰ সমাগম ঘটিব নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত । অম্বুবাচীলৈ ৰে’লেৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহে । প্ৰতিবছৰৰ দৰে এইবাৰো কেইবাটাও পদক্ষেপ হাতত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই । পশ্চিম বংগ আৰু বাৰাণসীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে । ইফালে কামাখ্যা ৰেলৱে ষ্টেচনতো পৰিস্কাৰ পৰিচন্ন আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ।

অম্বুবাচী উপলক্ষে বিশেষ ব্যৱস্থা ৰেল বিভাগৰ

লগতে পঢ়ক: নাৰী কেলেংকাৰীত জড়িত ৰিপুন বৰাঃ নিলম্বিত জেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ বিস্ফোৰণ

ৰে’লেৰে অহা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’ল বিভাগে । চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰে’ল বিভাগে ।

ABOUT THE AUTHOR

...view details