অসম

assam

ETV Bharat / state

NF Railway Employees Union: নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত অংশ ল’ব এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নে - ঘেৰাও কৰিব সংসদ ভৱন

10 আগষ্টত নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কৰাৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ য’ত সমগ্ৰ দেশৰে এক লাখৰো অধিক ৰে’লৱে শ্ৰমিক-কৰ্মচাৰীয়ে ভাগ ল’ব ৷ ভাৰতীয় ৰে’লৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়নৰ এই প্ৰতিবাদত সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নে ৷

NF Railway Employees Union
নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত অংশ ল’ব এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নে

By

Published : Jul 16, 2023, 1:45 PM IST

গুৱাহাটী, 16 জুলাই :নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ভাৰতীয় ৰে’লৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন "নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰে’লৱেমেন" চমুকৈ এন এফ আই আৰে অহা 10 আগষ্টত নতুন দিল্লীত সংসদ ভৱন ঘেৰাও কৰাৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ য’ত সমগ্ৰ দেশৰে এক লাখৰো অধিক ৰে’লৱে শ্ৰমিক-কৰ্মচাৰীয়ে ভাগ ল’ব ৷ এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নৰ প্ৰায় দহ সহস্ৰাধিক লোকে এই প্ৰতিবাদত অংশ ল’ব ৷

ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে, নতুন দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰাৰ বাবে 14 জুলাইৰ সন্ধিয়া পাণ্ডুৰ শ্ৰমিক সদনত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয় ৷ ইউনিয়নৰ কাৰ্যকৰী সভাপতি এম এছ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কেন্দ্ৰীয় চৰকাৰে নতুন পেঞ্চন নীতি বাতিল কৰি পুনৰ পুৰণি পেঞ্চন নীতি বাহাল নকৰা পৰ্যন্ত ইউনিয়ন ক্ষান্ত নহয় আৰু ইয়াৰ বিৰুদ্ধে আগন্তুক দিনতো প্ৰতিবাদী কাৰ্যসূচী বাহাল ৰাখিব বুলি ঘোষণা কৰে ৷

তেনেদৰে অহা 10 আগষ্টত এন এফ আই আৰৰ আহ্বানমৰ্মে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নৰ 5 টা সংমণ্ডল আৰু 55 টা শাখাৰ পৰা প্ৰায় দহ হাজাৰ শ্ৰমিক-কৰ্মচাৰীয়ে নিজাববীয়াকৈ ছুটি লৈ নিজৰ খৰচৰে ভাগ ল’ব বুলি শইকীয়াই সদৰি কৰে ৷ সভাত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকত্ৰয় দিগন্ত বৰুৱা, প্ৰকাশ বৰ্মন আৰু দেবাশীস মুখাৰ্জীকে ধৰি কেইবাজনো কৰ্মকৰ্তাই চৰকাৰখনৰ জনবিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধীতা কৰে আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে দাবী জনায় ৷

উল্লেখ্য যে, ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰবল বিৰোধিতা কৰি আহিছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যতম ট্ৰেড ইউনিয়ন "এন এফ ৰে’লৱে এমপ্লয়িজ ইউনিয়নে" ৷ সমান্তৰালভাবে ইউনিয়নে নতুন পেঞ্চন নীতি বাতিল কৰি পুনৰ পূৰ্বৰ দৰে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত বিগত দিনকেইটাত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷

লগতে পঢ়ক :Consuming worm infested Midday Meal : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ 40 গৰাকী শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details