গুৱাহাটী,৩ মে':অন্ত পৰিল ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ ঘোষণা হ'ল ফলাফল ৷ 75খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰবাৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট ৷ পিছে সৰ্বত্ৰে এতিয়া কেৱল চৰ্চা কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? কিন্তু মন কৰিবলগীয়া কথা যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ 24 ঘণ্টা পাৰ নৌহওঁতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ সলনি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতহে উবুৰি খাই পৰা দেখা পোৱা গ'ল যথেষ্ট সংখ্যক নৱ-নিৰ্বাচিত বিধায়কক ৷ আনকি বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত হ'ল প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ বাসগৃহত ৷ জানিব পৰা মতে, মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা প্ৰায় সংখ্যক নৱ-নিৰ্বাচিত বিধায়কে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷
বিগত সময়ছোৱাত ৰাজ্যৰ লোকসভা নিৰ্বাচনেই হওঁক নতুবা বিধানসভা নিৰ্বাচনেই হওঁক, প্ৰতিটো নিৰ্বাচনতে দলৰ মুখ্য সেনাপতি হিচাপে সমুখ সমৰত অৱতীৰ্ণ হৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰতিখন নিৰ্বাচনী সভাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপেও বিবেচিত হৈ আহিছে মন্ত্ৰী গৰাকী ৷ তেনেহ'লে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি লক্ষ্য ৰাখি পুৰস্কাৰ হিচাপে আগবঢ়াব নেকি মুখ্যমন্ত্ৰীৰ পদ ?