নিউজ ডেস্ক, 11 আগষ্ট:জ্যেষ্ঠ IAS বিষয়া, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ হ’ব অসমৰ পৰৱৰ্তী মুখ্য সচিব ৷ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই (Chief Secretary Jishnu Barua) আগন্তুক 31 আগষ্টত অৱসৰ গ্ৰহণ কৰিব ৷ 1 চেপ্তেম্বৰৰ পৰা পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব (Next Chief Secretary of Assam is Paban Kumar Borthakur) ৷
জিষ্ণু বৰুৱাৰ স্থলাভিষিক্ত হিচাপে বৃহস্পতিবাৰে অসম চৰকাৰে পৱন কুমাৰ বৰঠাকুৰক বাচনি কৰিছে ৷ 1989 চনত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত পৱন কুমাৰ বৰঠাকুৰে ৰাজ্য চৰকাৰৰ ভালে সংখ্যক পদত কাৰ্যনিৰ্বাহ কৰি তেওঁৰ দক্ষতাৰ পৰিচয় দিছে ৷
আনহাতে, 31 আগষ্টত জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰিব যদিও ৰাজ্য চৰকাৰে আন এক নিৰ্দেশ যোগে বৰুৱাক APDCL ৰ অধ্যক্ষ পদত নিযুক্তি দিছে ৷ অৰ্থাৎ অৱসৰ গ্ৰহণ কৰিয়েই বৰুৱাই APDCLৰ অধ্যক্ষৰ আসনত বহিব ৷