গুৱাহাটী, ২৪ এপ্ৰিল:২ মে'ত ঘোষণা হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । শাসকীয় দল বিজেপি একপ্ৰকাৰ নিশ্চিত হৈ আছে যে ৰাজ্যত পৰৱৰ্তী চৰকাৰ বিজেপি মিত্ৰজোঁটেই পুনৰ গঠন কৰিব । আনকি পৰৱৰ্তী মন্ত্ৰীসভাত কোন কোন অন্তৰ্ভুক্ত হ'ব তাকেলৈও বিজেপিৰ আভ্যন্তৰত গুণাগথা চলিছে ।
দলটোৰ এক শীৰ্ষ সূত্ৰই ই টিভি ভাৰতৰ আগত সদৰি কৰা মতে, দলৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস এইবাৰ আৰু এটা কাৰ্যকালৰ বাবে সভাপতিৰ আসনত অধিস্থিত হৈ থাকিব খোজা নাই । ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বকো এই বিষয়ে তেওঁ অৱগত কৰিছে ।
বিজেপিৰ পৰৱৰ্তী সভাপতিকলৈ চৰ্চা অব্যাহত দলীয় সূত্ৰটোৱে আৰু কয় যে, সভাপতিৰ পৰিৱৰ্তে এইবাৰ কোনো এক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লৈ ৰঞ্জিৎ দাসে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে । ইয়াৰ লগে লগে দলটোৰ বাহিৰে ভিতৰে আন এক চৰ্চাও সম্প্ৰতি আৰম্ভ হৈছে । সেয়া হ'ল-ৰঞ্জিৎ দাসৰ পৰৱৰ্তী সভাপতি কোন হ'ব ?
বিজেপিৰ পৰৱৰ্তী সভাপতিকলৈ চৰ্চা অব্যাহত ইতিমধ্যে দলটোৰ পৰৱৰ্তী ৰাজ্যিক সভাপতিৰ আসনৰ বাবে কেইবাজনো নেতাৰ নাম চৰ্চিত হৈছে । সেইসকলৰ ভিতৰত শীৰ্ষত থকাজন হৈছে দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক)ৰ দায়িত্বক থকা অত্যন্ত প্ৰভাৱশালী নেতা ফনীন্দ্ৰ নাথ শৰ্মা । তেওঁৰ উপৰিও প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিৎ দত্তৰ নামো সঘনে চৰ্চালৈ আহিছে ।
বিজেপিৰ পৰৱৰ্তী সভাপতিকলৈ চৰ্চা অব্যাহত আনহাতে, মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়াৰ নামো চৰ্চিত হৈছে দলৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি পদৰ বাবে । কিন্তু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ থকা দিলীপ কুমাৰ শইকীয়াক দলৰ শীৰ্ষ নেতৃত্বই এই গুৰু দায়িত্ব দিব নে নাই তাকে লৈও বিজেপিৰ আভ্যন্তৰত চৰ্চা চলিছে ।
লগতে পঢ়ক:হাতে হাতে প্লে'কাৰ্ড লৈ নগাঁৱৰ চহৰত ক'ভিড কেন্দ্ৰিক সজাগতা সৃষ্টি অভিযান