গুৱাহাটী, 22 মাৰ্চঃকৰ'ণা ভাইৰাছৰ সংক্ৰমণে ভাৰতবৰ্ষত যাতে অধিক সংহাৰী ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ বৰ্তমানলৈকে দেশৰ সকলো স্তৰৰ ৰাইজে চৰকাৰৰ কান্ধত কান্ধ মিলাই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যহত ৰাখিছে ৷ অসমবাসীয়েও ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷ সোমবাৰে সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাই কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ যুদ্ধত অৰিহণা যোগাই মঙলবাৰৰ পৰা গুৱাহাটীত বাতৰি কাকত বিতৰণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাৰ এই সিদ্ধান্তৰ ফলত মঙলবাৰৰ পৰা মহানগৰবাসীয়ে পুৱাৰ ভাগত নিজৰ চাহ কাপৰ লগত নাপাব বাতৰি কাকতখন ৷
বাতৰি কাকত বিতৰণৰ পৰা বিৰত থাকিব সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থা - মঙলবাৰৰ পৰা গুৱাহাটীত বাতৰি কাকত বিতৰণৰ পৰা বিৰত থাকিব হকাৰ সকল
সোমবাৰে সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থাই কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা গুৱাহাটীত বাতৰি কাকত বিতৰণৰ পৰা বিৰত থাকিব হকাৰ সকল ৷

সদৌ গুৱাহাটী বাতৰি কাকত হকাৰ সন্থা