অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ - undefined

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

news@9
news@9

By

Published : Jan 24, 2021, 9:08 AM IST

অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

অখিল গগৈৰ মুক্তিৰ দাবীৰে নলবাৰীত ৰাইজ দলৰ 24 ঘন্টীয়া অনশন ৷ শতাধীক দলীয় কৰ্মীৰ অংশগ্ৰহণ ৷

ধেমাজিত ভূমিহীন পৰিয়ালক ভূমিপট্টা আৰু আৱন্টন পত্ৰ বিতৰণ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজিত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷

আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

শনিবাৰে গুৱাহাটীত এক অভিৱৰ্তনৰ জৰিয়তে গঠন হ'ল আমছুৰ নতুন কেন্দ্ৰীয় সমিতি ৷ পূৰ্বৰ ৰেজাউল কৰিম চৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি ভংগ কৰি ইকবাল হুছেইনক আমছু সভাপতি হিচাপে নিৰ্বাচিত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷

বালিসত্ৰত উদযাপন কৰা হ'ল আৰিয়া সবাহ মহোৎসৱ

ৰঙিয়াৰ বালিসত্ৰত উদযাপন নামনি অসমৰ অন্যতম ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী আৰিয়া সবাহ মহোৎসৱ ৷ ৩৫১ বছৰ পুৰণি ধৰ্মীয় পৰম্পৰাৰে লক্ষাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰি দেশৰ মংগলৰবাবে প্ৰাৰ্থনা কৰে এই সবাহত ৷

আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক ৷ 22 ফেব্ৰুৱাৰী পৰ্যন্ত এইমছতে চিকিৎসা চলিব আৰ জে ডিৰ অধ্যক্ষ গৰাকীৰ ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ বিশেষ প্ৰস্তাৱ বিপ্লব দেবৰ

শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূৱ পৰিষদৰ বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বাহ্যিক সাহাৰ্য প্ৰাপ্ত প্ৰকল্প সমূহ তৰান্বিত কৰাৰ বাবে উত্তৰ-পূৱ পৰিষদৰ আৰ্থিক পুঁজি সমূহত সুক্ষ্ম পৰিৱৰ্তনৰ বাবে দাবী জনায় ৷

অসম শৰীৰচৰ্চা আৰু ফিটনেছ এশ্বচিয়েশ্বনৰ সম্পাদক পদত বজালীৰ সন্তান

বজালীৰ সন্তান হিমাংশু কলিতাই অসম শৰীৰ চৰ্চা আৰু ফিটনেচ এশ্বচিয়েশ্বনৰ সাধাৰণ সম্পাদক পদত জয়লাভ কৰিবলৈ সক্ষম হৈছে ।

নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্বিপ : প্ৰথম দিনটোতে সোণ আজুৰিলে পংকজ আৰু ৰৱিন্দৰে

শনিবাৰৰ পৰা নয়ডাত আৰম্ভ নেশ্যনেল ৰেষ্টলিঙ চেম্পিয়নশ্চিপ ৷ শনিবাৰে অনুষ্ঠিত হ'ল 57 কিলোগ্ৰাম, 61 কিলোগ্ৰাম, 74 কিলোগ্ৰাম, 92 কিলোগ্ৰাম আৰু 125 কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতা ৷ দেওবাৰে ক্ৰমে 65 কিলোগ্ৰাম, 70 কিলোগ্ৰাম, 86 কিলোগ্ৰাম আৰু 97 কিলোগ্ৰাম শাখাৰ বাবে প্ৰতিযোগিত অনুষ্ঠিত হ'ব ৷

গণৰাজ্য় দিৱসৰ পেৰেড আখৰাৰ সময়ত দিল্লী ট্ৰেফিক আৰক্ষীৰ পৰামৰ্শ

শনিবাৰে পুৱা প্ৰায় ৯ বজাৰ পৰা দিল্লীত আৰম্ভ হৈছে পেৰেডৰ অন্তিম আখৰা । গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত এই আখৰাৰ বাবে দিল্লী ট্ৰেফিক আৰক্ষীৰ বিশেষ পৰামৰ্শ ৰাইজক ৷

তাণ্ডৱৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ আদালতে

চেইফ আলি খান অভিনীত 'তাণ্ডৱ' ৱেব চিৰিজৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰাৰ্থনা জনাই কৰা আবেদনৰ শুনানি স্থগিত ৰাখিলে দিল্লীৰ এখন আদালতে ৷ 19 এপ্ৰিললৈ আবেদনৰ শুনানি স্থগিত ৷

For All Latest Updates

TAGGED:

news@9

ABOUT THE AUTHOR

...view details