মাজ নিশা গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে পীযুষ হাজৰিকা, ভৱেশ কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, জয়ন্ত মল্ল বৰুৱা, দিলীপ শইকীয়া, সাংসদ কুইন ওজাই উষ্ম আদৰণি জনায় ।
‘কা’ বাতিলৰ দাবী : ৰাজ্য়জুৰি আছুৰ জোঁৰ সমদল
ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰে আছুৰ প্ৰতিবাদ ৷ ‘কা‘ বাতিলকে ধৰি আন বহু সমস্যা সমাধানৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷
কৃষি আইন সন্দৰ্ভত মোদী চৰকাৰক সমালোচনা বামপন্থী নেতাৰ
সৰভোগত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাবেশত অংশলৈ বৰ্ষীয়ান বামপন্থী নেতা গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষকক স্বাধীনতা প্ৰদান কৰিছে বুলি কয় ৷ কিন্তু তাৰ বিপৰীতে মোদী চৰকাৰে আম্বানী আৰু বিদেশী পুঁজিপতিৰ স্বাৰ্থত তিনিখন নতুনকৈ কৃষি আইন আনি কৃষকৰ ওপৰত মাধমাৰ মাৰিছে ৷
বদৰুদ্দিন আজমল থকা মহাজোঁটে 21ত বিজেপিক সহায় কৰিব !
বৃহস্পতিবাৰে সাংবাদিকক সম্বোধন কৰি ৰাজ্য ৰেতম মন্ত্ৰী ৰঞ্জিত দত্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ পলাশবাৰী সমষ্টিত উপস্থিত হৈ বাগান জাৰাপাটা খেল পথাৰত ৰেচম পিয়ল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি দত্তই কয়,আগন্তক নিৰ্বাচনত মহাজোঁটৰ লগতে AJP আৰু ৰাইজৰ দলে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ লগতে বদৰুদ্দিনক সাম্প্ৰদায়িক আখ্যা দিয়ে ৰঞ্জিত দত্তই ৷
অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ
অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ পিছত এইবাৰ টাৱাংত চীনৰ বিৰুদ্ধে প্ৰতিবাদ । টাৱাঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।