কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে
কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি অৰ্থাৎ বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অৱশ্যে বৰ্তমানলৈকে ঘোষণা হোৱা নাই দপ্তৰ ৷
শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক
মঙলবাৰে নিশা শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানী (Micro Finance Company)ৰ দুই বিষয়াক আটক ৷ ‘এনাজৰী’ (Anajori) নামৰ এক মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীয়ে গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰে যদিও ঋণ প্ৰদান কৰিব নোৱাৰাত ৰাইজে সন্দেহ কৰে ৷ ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি বিষয়া দুজনক আটক কৰা হয় ৷
মোডী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী
সদ্য সম্প্ৰসাৰিত মোদী মন্ত্ৰী সভাত সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ পূৰ্বৰ তিনি গৰাকীয়ে মন্ত্ৰীয়ে স্থান পাইছে ৷ বুধবাৰে সন্ধিয়া 6 বজাত শপত ল'ব নতুন মন্ত্ৰী সকলে ৷
ড্ৰাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন মন্ত্ৰী অকন বৰা
চন্দ্ৰপুৰত চলি থকা ধাৰাবাহিক প্ৰতিবাদে এপষেক অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৷ কিন্তু গুৱাহাটী পৌৰ নিগম আৰু জিলা প্ৰশাসনে আকোঁৰগোজ হৈ অব্যাহত ৰাখিছে চন্দ্ৰপুৰত গুৱাহাটীৰ আৱৰ্জনা পেলোৱা কাৰ্য । বুধবাৰে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় মন্ত্ৰী অকণ বৰা ৷
নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান পৰেশ বৰুৱাক
অইল ইণ্ডিয়া লিমিটেডে (Oil India Ltd)ৰ কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন সন্দৰ্ভত আলফা (স্বা)ই কৰা মন্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ ৷ আগন্তুক দিনত থলুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভেদকামী মন্তব্য আগবঢ়াই নিৱনুৱাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আলফা (স্বা)ক আহ্বান সংগঠন দুটাৰ ৷