অসম

assam

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - news@5

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ

By

Published : Oct 16, 2021, 5:00 PM IST

অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষ সমিতি

অসম চুক্তি ৰূপায়ন সন্দৰ্ভত পুনৰ নতুন সমিতি গঠন কৰিলে চৰকাৰে ৷ অসম চৰকাৰৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰে গঠন কৰা হৈছে এই বিশেষ সমিতিখন ৷

উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা প্ৰাংগণত এইবাৰৰ মূল আকৰ্ষণ আছিল ১০০ ফুট উচ্চতাৰ ৰাৱণ । সমাজৰ পৰা অপায়-অমংগল, অসূয়া শক্তিক বিনাশ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্পৰে উত্তৰ গুৱাহাটীত আয়োজন কৰা হয় এই ৰাৱণ দহনৰ কাৰ্যসূচী । গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ এটা যুৱ শিল্পীৰ দলে নিৰ্মাণ কৰে ৰাৱণৰ প্ৰতিমূৰ্তিটো ।

অসম আন্দোলনৰ অগ্ৰণী নেতা বগামল দত্তৰ বিয়োগ

লখিমপুৰৰ এগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতাৰূপে পৰিচিত বগামল দত্তৰ বিয়োগত শোকস্তব্ধ সমগ্র জিলাখন । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।

দশমীৰ নিশা নগাঁৱৰ আমবাগানত কিহৰ উত্তেজনা

বিজয়া দশমীৰ নিশা হঠাতে উত্তপ্ত হৈ পৰে নগাঁৱৰ আমবাগান । এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে আমবাগান । আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰণ পৰিস্থিতি ।

কলগাছিয়াত PACL কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে একাংশ মহিলাই

বৰপেটাৰ কলগাছিয়াত গ্ৰাহকৰ পৰা ধন লৈ ৰামঠগন PACL কোম্পানীৰ । ধন ঘূৰাই নাপাই কোম্পানীৰ এজেণ্টক ঘেৰাও কৰিলে ক্ষুদ্ধ মহিলাই । মাৰি পেলালেও ধন ঘূৰাই দিবলৈ অপাৰগ বুলি গ্ৰাহকক উত্তৰ দিলে এজেণ্টে ।

দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

শনিবাৰে দেশত পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । ৰাজধানী চহৰত ০.৩৫ পইচাকৈ বৃদ্ধি হৈ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৪.২২ টকা । সমান্তৰালকৈ বাকী চহৰবোৰতো বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য ।

ওড়িশাত মাওবাদী বিৰোধী বৃহৎ অভিযান

মাওবাদীৰ সন্ধানত বৃহৎ অভিযান আৰম্ভ কৰিছে ওড়িশা আৰক্ষীয়ে । জিলা স্বেচ্ছাসেৱী বাহিনী আৰু বিশেষ অভিযান গোটৰ সহযোগত শুকুৰবাৰৰ পৰা অব্যাহত আছে অভিযান ।

বিশ্ব খাদ্য দিৱস : 8 বিধ স্বাস্থ্যকৰ মাজ নিশাৰ খাদ্য

আপোনাৰ বাৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আকৌ ভোক অনুভৱ হয় নেকি ? কিন্তু আপুনি ওজন বৃদ্ধি পৰিহাৰ কৰিবলৈ এই প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে ? চিন্তা নকৰিব ! এনে কিছুমান খাদ্য আছে, যি আপুনি মাজনিশাৰ জলপান হিচাপে গ্ৰহণ কৰিব পাৰে আৰু ওজন বৃদ্ধিক লৈ নিশ্চিন্ত থাকিব পাৰে । আহক জানি লওঁ এইসমূহ খাদ্যৰ বিষয়ে...

শিৱসাগৰত ছজন শিশুৱে অনুষ্ঠিত কৰিলে এখন দুৰ্গা পূজা

শিৱসাগৰত দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী দুর্গা পূজা(Durga Puja) ৷ কণ কণ 6 টি শিশুৱে মাহজোৰা প্ৰস্তুতিৰে নিজ হাতেৰে প্ৰতিমা নিৰ্মাণ কৰি অনুষ্ঠিত কৰিছে মিনি পূজা(Mini Puja) ৷ শিশুকেইটিয়ে আয়োজন কৰা এই পূজাখনৰ বিষয়ে সবিশেষ জানো আহক...

তেজপুৰ জাহাজ ঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক দশমীৰ দিনা বিদায় জনোৱা হয় ৷ আজি অৰ্থাৎ দশমীৰ পুৱাৰে পৰাই দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নদী বা ঘাট সমূহত দেৱী দুৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হৈছে ৷ তেজপুৰতো পুৱাৰে পৰা আৰম্ভ দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷

ABOUT THE AUTHOR

...view details