শ্বহীদ স্মাৰকক্ষেত্ৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৷
ভাৰতত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 97,67,371 গৰাকী লোকলৈ ৷ আনহাতে বিগত 24 ঘণ্টাত 412 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,41,772 গৰাকীলৈ ৷
কেঁচা জলকীয়াৰে তৈয়াৰী একাপ গৰম চাহৰ সোৱাদ বিচাৰি গ্ৰাহকৰ ভিৰ
কেঁচা জলকীয়াৰে তৈয়াৰী একাপ চাহ ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ শৰীৰ আৰু মন সতেজ কৰি তোলা এই জলকীয়া চাহ ৷ সাধাৰণতে কোনেও কল্পনা নকৰা এই চাহ তৈয়াৰ কৰি উলিয়াইছে এগৰাকী সাধাৰণ চাহৰ দোকানীয়ে ৷ মাত্ৰ পাঁচ টকাত উপলব্ধ হোৱা এই চাহ কাপৰ বাবে এতিয়া গ্ৰাহকৰ ভিৰ ৷
চেতনা ঘূৰাই পাইছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই
শেহতীয়াকৈ পোৱা তথ্য অনুযায়ী বৰ্তমানেও বিপদমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ তথাপিও বুধবাৰে নিশা চেতনা ঘূৰাই পায় বুদ্ধদেৱ ভট্টাচাৰ্যই ৷ তেওঁৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহিছে ৷
পত্নীক হানি-খুচি হত্যা কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক সোণজানত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক ৷ সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা অভিযুক্ত স্বামীৰ ৷ ঘটনা সন্দৰ্ভত বৰডুমছা আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ৷