গুৱাহাটী, 2 মাৰ্চ :কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় তথা চিটি বাছ চালকৰ দৌৰাত্ম ৰোধ সম্পৰ্কত জিলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিলাক্স এছ’চিয়েশ্বন, মিনি বাছ এছ’চিয়েশ্বন, গুৱাহাটী মেট্ৰ এছ’চিয়েশ্বন আদি বাছ সন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহণ বিভাগকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ বিষয়াববীয়াৰ সৈতে এখন সভা অনুষ্ঠিত কৰে( Newly designated city bus stations in Guwahati)।
উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে মহানগৰীৰ উৰণীয়া সেঁতু সমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটীৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও মহানগৰৰ ৬০ টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থানত স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ।