অসম

assam

ETV Bharat / state

20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু - অসমীয়া নিৰ্মাণ প্ৰতিষ্ঠান

20 অক্টোবৰত শুভাৰম্ভ হ'ব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতুৰ ৷ অসমীয়া নিৰ্মাণ প্ৰতিষ্ঠান আৰু সম্পূৰ্ণ অসমীয়া বনুৱাই উন্নত প্ৰযুক্তিবিদ্যাৰে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰি উলিয়াইছে ৷ থলুৱা শিল্পীৰ ৰং তুলিকাত উৰণীয়া সেঁতুখনত প্ৰাণ পাই উঠিছে অসমীয়া জাতীয় জীৱনৰ বহুতো সম্পদৰ লগতে কাজিৰঙা তথা সেউজী অসমীৰ নয়ন জুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য্য ৷

20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু
20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু

By

Published : Oct 16, 2020, 11:06 PM IST

গুৱাহাটী, ১৬ অক্টোবৰ: চৰকাৰৰ প্ৰতিশ্ৰুতি ৰাখিলে অসমীয়া অভিযন্তাই ৷ মোগলক ভেঁটিবলৈ নিশাৰ ভিতৰতে গড় নিৰ্মাণ কৰা উদ্যমী অসমীয়াৰ বাবে যেন মুখৰ কথাই শিলৰ ৰেখা ৷ এই কথাক প্ৰমাণ কৰি ২০ অক্টোবৰত মুকলি হ'ব অসমীয়া নিৰ্মাণ প্ৰতিষ্ঠান আৰু সম্পূৰ্ণ অসমীয়া বনুৱাই উন্নত প্ৰযুক্তি বিদ্যাৰে নিৰ্মান কৰি উলিওৱা গণেশগুৰিৰ উৰণীয়া সেঁতু ৷ সেঁতুখনৰ দুয়োপাৰে থলুৱা শিল্পীৰ ৰং তুলিকাত জীৱন্ত হৈ উঠিছে অসমীয়া জাতীয় জীৱনৰ বহুতো সম্পদৰ লগতে কাজিৰঙা তথা সেউজী অসমীৰ নয়ন জুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য্য ২০১৯ বৰ্ষৰ ৬ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত নতুন সংযোজনেৰে ৰাধাগোবিন্দ বৰুৱা পথৰপৰা গণেশগুৰিৰ বিষ্ণু ৰাভা উৰণীয়া সেঁতুক সংযোগ কৰি নতুন উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল ৷ ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি, ২০১৮-১৯ৰ অধীনত ৪৭৬ মিটাৰ দীঘল এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে ৫৮.৭৪ কোটি টকা অনুমোদন দিয়া হৈছিল ৷

20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু

উৰণীয়া সেঁতুখনৰ জড়িয়তে গুৱাহাটীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ উদ্দেশ্য আগত ৰাখি ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল ৷ চৰকাৰৰ এই প্ৰতিশ্ৰুতি পালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে প্ৰাণজিৎ তালুকদাৰ নামৰ এগৰাকী অসমীয়া যুৱ অভিযন্তাই ৷ যুদ্ধকালীন তৎপৰতাৰে দিনে নিশাই কাম কৰিবলৈ নিয়োজিত কৰা হৈছিল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা প্ৰাণজিৎ তালুকদাৰৰ লগতে বহুকেইগৰাকী অভিযন্তাক। সেই অনুসৰি অসমীয়া নিৰ্মাণ প্ৰতিষ্ঠান আৰু সম্পূৰ্ণ অসমীয়া বনুৱাই উন্নত প্ৰযুক্তিবিদ্যাৰে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা মতে সময়তে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰি উলিয়ালে। আগন্তুক ২০ অক্টোবৰত বহুপ্ৰত্যাশিত এই সেঁতুখন মুকলি হ'ব।
লগতে পঢ়ক:ফুটুকাৰ ফেনত পৰিণত IDOLৰ পাঠ্যক্ৰম কেলেংকাৰীৰ তদন্ত

ABOUT THE AUTHOR

...view details