গুৱাহাটী,২৯ মাৰ্চ :গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ'ৰ এপ্ৰিলৰ দ্বিতীয় ভাগত মুকলি কৰিব পৰাকৈ পূৰ্ণ প্ৰস্তুতি চলাইছে স্বাস্থ্য বিভাগে(Cardiothoracic and Neuroscience Centre set to open)। হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে বাহিৰলৈ নোযোৱাকৈ উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খন মুকলিৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ বাবে মঙলবাৰে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Assam Health minister Keshab Mahanta) ।
মঙলবাৰে দুপৰীয়া দিছপুৰত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা আৰু চিএচিৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ সৈতে এখন বৈঠকত মিলিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰস্তুতি পৰ্বৰ অগ্ৰগতিৰ বুজ লয় ।