গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : অসমৰ নৱনিযুক্ত ৰাজ্যপাল হিচাপে বুধবাৰে শপত গ্ৰহণ কৰিব গুলাব চান্দ কাটাৰিয়াই (Gulab Chand Kataria oath as Governor of Assam) । বুধবাৰে দিনৰ ১১ বজাত কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত গুলাব চান্দ কাটাৰিয়াই অসমৰ ৰাজ্যপাল হিচাপে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব (Assam new Governor Gulab Chand Kataria) । সেই উপলক্ষে মঙলবাৰে বিয়লি তেওঁ সপত্নীক গুৱাহাটীত উপস্থিত হয় ।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত (LGB Airport Guwahati) গুলাব চান্দ কাটাৰিয়াক অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় (Gulab Chand Kataria welcomed to Assam) । বিমানবন্দৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ঊৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিমল বড়া, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গুৱাহাটী আৰক্ষী আয়ুক্তকে ধৰি চৰকাৰী ভালেসংখ্যক বিষয়াই গুলাব চান্দ কাটাৰিয়াক আদৰণি জনায় ।
উল্লেখ্য যে, ১২ ফেব্ৰুৱাৰীত অসমৰ লগতে দেশৰ ১৩ খন ৰাজ্যত নতুন ৰাজ্যপালৰ নিযুক্তি দিয়া হৈছিল (Gulab Chand Kataria oath taking ceremony) । সেইমৰ্মে অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল গুলাব চান্দ কাটাৰিয়াক । গুলাব চান্দ কাটাৰিয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী । ৰাজস্থানৰ বিৰোধী দলৰ দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গুলাব চান্দ কাটাৰিয়া বিজেপিৰ এগৰাকী প্ৰবীণ ৰাজনীতিক । ৰাজস্থান চৰকাৰত তেওঁ গৃহমন্ত্রীৰ দায়িত্বত আছিল (Assam BJP welcome Gulab Chand Kataria) ।