গুৱাহাটী,২৯ জানুৱাৰী :অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰা নাই যদিও দায়িত্বৰ প্ৰতি সচেতন হৈ আৰক্ষীৰ প্ৰতি কেতবোৰ পৰামৰ্শ তথা আহ্বান জনালে জি পি সিঙে । উল্লেখ্য যে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta retirement)। তেওঁৰ অৱসৰৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে ।
ইতিমধ্যে শনিবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জি পি সিং অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে (Assam CM announced the name of next DGP) । মুখ্যমন্ত্রীৰ ঘোষণাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্রধান হিচাপে আই পি এছ বিষয়া জ্ঞানেন্দ্র প্রতাপ সিঙক নিযুক্তি দিয়ে । দায়িত্বভাৰ গ্ৰহণ কৰা নাই যদিও নিযুক্তি লাভৰ পাছতে দেওবাৰে সামাজিক মাধ্যম যোগে জি পি সিঙে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনায় (Newly appointed DGP G P Singh urges police)।
সামজিক মাধ্যম যোগে তেওঁ কয়,'অসমৰ ৰাইজক চিন্তা-চৰ্চাৰ আদান-প্ৰদান আৰু বিপদৰ সময়ত কনিষ্ঠ, মধ্য আৰু জ্যেষ্ঠ পৰ্যায়ৰ আৰক্ষী নেতৃত্বৰ সৈতে যোগাযোগ কৰিবলৈ এক মঞ্চ প্ৰদান কৰক । আৰক্ষীৰ আউটপোষ্টৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈকে নেতৃত্বৰ পদত থকা বিষয়াসকলে কনিষ্ঠ আৰক্ষী কৰ্মীসকলক সন্মান আৰু মৰ্যাদা প্ৰদান কৰক । মহিলা আৰক্ষী কৰ্মীসকলৰ বাবে পৰ্যাপ্ত আৰু উপযুক্ত কৰ্ম পৰিৱেশ প্ৰদান কৰক । সন্মান অৰ্জন কৰক, দাবী নকৰিব ।'
সামাজিক মাধ্যম যোগে বিষয়াগৰাকীয়ে কৰা এই আহ্বানে বিশেষ চৰ্চা লাভ কৰিছে । উল্লেখ্য যে জি পি সিং হৈছে ১৯৯১ বেটচৰ আই পি এছ বিষয়া (IPS G P Singh)। শনিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণৰ চৰকাৰী এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্রধান বুলি জি পি সিঙক সম্বোধন কৰাৰ পাছতেই ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্রধান কোনো হ'ব সেই লৈ চলি থকা দীর্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পৰে ।