গুৱাহাটী, ২৭ আগষ্ট :ক’ভিডৰ কালছোৱাত বহিঃৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন হেৰুৱাই স্ব-গৃহলৈ উভতি আহিছে । সেই যুৱক-যুৱতী সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মহানগৰীৰ পঞ্জাবাৰীৰ পশুধন নিগমৰ চৌহদত থকা বহ্নিবান ফাৰ্মচে (BAHNIBAN FARMS)। বিগত বৰ্ষৰ ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বহ্নিবানে ক’ভিড কালত বহিঃৰাজ্যৰ পৰা কৰ্মসংস্থাপন হেৰুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ আগবাঢ়ি আহিছে ।
এই ফাৰ্মখনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰ্তমান প্ৰায় ৫ হাজাৰ লোক জড়িত হৈ পৰিছে । ফাৰ্মখনৰ সঞ্চালক প্ৰকাশ জ্যোতি গগৈয়ে জনোৱা মতে, অসম পশুধন আৰু হাঁহ কুকুৰা নিগম , জি এম চিৰ সহযোগত ২০২০ ৰ ১৬ এপ্ৰিলত ফাৰ্মখন আৰম্ভ কৰা হৈছিল । তেতিয়াৰে পৰা ইয়াত তেওঁলোকৰ শ্লটাৰ হাউচত বিজ্ঞান সন্মতভাৱে কটা ছাগলী, হাঁহ-কুকুৰাৰ মাংস মহানগৰবাসীক যোগান ধৰি আহিছে ।
এই ফাৰ্মত প্ৰায় ৩ হাজাৰ থলুৱা শিক্ষিত যুৱক-যুৱতীয়ে পালন কৰা হাঁহ, কুকুৰা , ছাগলী আদি হাজো, নলাবাৰী, বাইহাটা, সোণাপুৰ, জাগিৰোড, বৰপেটা, মৰিগাও, নগাঁও আদিৰ পৰা আহে ।