গুৱাহাটী, ৩০ নৱেম্বৰঃ বিশিষ্ট সংগীতশিল্পী জে পি দাসে দেওবাৰে শিল্পী কংকনা কৌশিকৰ গীতৰ ভিডিঅ' "কাণে কাণে কি ক'লা" আনুষ্ঠানিকভাবে মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰায়ণ গ্ৰীনচ চ'ছাইটিৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত শিল্পী কংকনা কৌশিকৰ গীতৰ ভিডিঅ' “কাণে কাণে কি ক'লা" আনুষ্ঠানিকভাবে মুকলি কৰে।
বিশিষ্ট সংগীতজ্ঞ জে পি দাসে শিল্পীগৰাকীৰ গীতৰ প্রশংসা কৰি কয় যে, নিজৰ ঐকান্তিক নিষ্ঠা আৰু নিৰলস প্ৰচেষ্টাৰ ফলত সংগীত তথা সাংস্কৃতিক জগতত প্ৰৱেশ কৰি শিল্পী কংকনাই সফলতা লাভ কৰিছে। আগন্তুক দিনত শিল্পীগৰাকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আৰু অধিক সৃষ্টিশীল বৰঙনি আগবঢ়াব পাৰিব বুলি বিশিষ্ট সংগীতজ্ঞ দাসে আশা প্রকাশ কৰে। অনুষ্ঠানত বিশিষ্ট গায়ক, সুৰকাৰ, সংগীত পৰিচালক দেৱজিৎ চৌধুৰী, সুৰকাৰ-গায়ক বিমল দেৱ মেধি, বিশিষ্ট লেখিকা মিনতি বৰঠাকুৰ আদিকে ধৰি কেইবাগৰাকীও বক্তাই শিল্পী কংকনা কৌশিকৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু সংগীতৰ জগতখনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ আলােকপাত কৰে। অনুষ্ঠানত শিল্পী কংকনা কৌশিকে তেখেতৰ সংগীত চর্চাৰ এক চমু আভাস দাঙি ধৰে। শৈশৱৰ পৰাই সংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীৰ সংগীত চর্চাৰ মাজতে সাময়িকভাবে বিৰতি পৰিছিল যদিও শেহতীয়াকৈ পুনৰ সংগীতৰ জগতখনৰ সৈতে জড়িত হৈ পৰাৰ কথা শিল্পীগৰাকীয়ে সভাত কয়।