গুৱাহাটী,১৮ আগষ্টঃকামৰূপ মহানগৰ জিলাৰ ১৮ বছৰৰ উৰ্ধৰ কোনো ব্যক্তি যাতে ক’ভিড প্ৰতিষেধক লোৱাৰ পৰা বাদ পৰি নাযায়, সেয়া নিশ্চিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এক বিশেষ তালিকা । শেহতীয়া বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকা অনুসৰণ কৰি বি এল অ’ পৰ্যায়ৰ পৰা চেক্টৰ, চাৰ্কোল আৰু জিলা পৰ্যায়ত প্ৰস্তুত কৰা হ’ব প্ৰতিষেধক নোলোৱা ব্যক্তিসকলৰ তালিকা ।
বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত এই সিদ্ধান্ত লোৱা হয় । গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধাৰীৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে এই সভাত ৷
লগতে পঢ়ক: বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ