অসম

assam

ETV Bharat / state

লোকসেৱা কেলেংকাৰী : তদন্ত আয়োগৰ কাষ চাপিল পাঁচ APS-ACS বিষয়া - APS

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাননী জাৰি কৰাৰ পাচতে আয়োগৰ কাষ চাপিছে পাঁচ গৰাকী বিষয়া ৷ অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল ।

new updates apsc scam
তদন্ত আয়োগৰ কাষ চাপিল পাঁচ এপিএছ-এচিএছ বিষয়া

By

Published : Jul 7, 2021, 9:30 PM IST

Updated : Jul 10, 2021, 4:59 PM IST

গুৱাহাটী, ৭ জুলাই : ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ইতিমধ্যে জাননী জাৰি কৰা ১৯ গৰাকী এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ ভিতৰত পাঁচগৰাকীহে আহি উপস্থিত হৈছে ন্যায়াধীশ শৰ্মা আয়োগৰ ওচৰত । এই পাঁচ গৰাকী বিষয়া হ'ল ক্ৰমে কামৰূপ (ম) ৰ এছ ডি অ' হিচাপে কৰ্মৰত হৈ থকা ত্ৰিদীপ ৰয়, বি টি আৰত কৰ্মৰত হৈ থকা এ চি এছ বিষয়া বিক্ৰমাদিত্য বৰা, এ চি এছ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, অসম আৰক্ষীৰ বিশেষ শাখাৰ ডি এছ পি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰুমী তিমুংপী আৰু চিআইডিৰ ডিএছপি ৰূপে কৰ্মৰত হৈ থকা সুকন্যা দাস । বাকী 14 গৰাকী এতিয়াও বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰলৈ অহা নাই ৷

উল্লেখ্য যে, ২০১৩ ৰ লোকসেৱা আয়োগৰ পৰীক্ষাত সন্দেহজনকভাৱে উৰ্ত্তীণ হোৱা ১৯ গৰাকী প্ৰাৰ্থীলৈ ইতিমধ্যে ন্যায়াধীশ শৰ্মা আয়োগে জাননী জাৰি কৰি পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছিল । সেইসকলৰ মাজৰে উক্ত পাঁচগৰাকী বিষয়া আয়োগৰ ওচৰত হাজিৰ হয় । ইয়াৰে দুগৰাকীয়ে লিখিতভাৱে জাননীৰ উত্তৰ ন্যায়াধীশ শৰ্মা আয়োগৰ ওচৰত দাখিল কৰিছে আৰু বাকী তিনি গৰাকীয়ে তেওঁলোকৰ উত্তৰবহী সমূহ চাব খুজি ইয়াৰ বাবে শৰ্মা আয়োগৰ ওচৰত আবেদন জনাইছে ।

ইফালে, কুখ্যাত ৰাকেশ পালৰ কাৰ্যকালত অৰ্থাৎ ২০১৩ বৰ্ষত অনুষ্ঠিত হোৱা লোকসেৱা আয়োগৰ মৌখিক পৰীক্ষাৰ সমস্ত তথ্যপাতি জুলাইৰ প্ৰথমটো সপ্তাহৰ ভিতৰত জমা দিবলৈ ন্যায়াধীশ শৰ্মা আয়োগে আহ্বান জনাইছিল ৷ কিন্তু প্ৰথম সপ্তাহৰ অন্তিম দিন লৈকে লোকসেৱা আয়োগে কোনো তথ্য দাখিল নকৰিলে । মনকৰিবলগীয়া যে লোকসেৱা আয়োগৰ সংস্কাৰৰ হকে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক: APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

Last Updated : Jul 10, 2021, 4:59 PM IST

ABOUT THE AUTHOR

...view details